নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক-চিকিৎসাকৰ্মীলৈ কঠোৰ বাৰ্তা ধুবুৰী মেডিকেল কলেজৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ডিএমচিএইচ) কৰ্তৃপক্ষই  নিজৰ কৰ্তব্যৰ সময়ত একাংশ ব্যক্তিগত চিকিৎসালয়ত ব্যক্তিগত বৃত্তিত জড়িত নহ’বলৈ মেডিকেল কলেজখনত কৰ্মৰত একাংশ চিকিৎসক আৰু চিকিৎসাকৰ্মীক সাৱধানবাণী প্ৰদান কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কালি ডিএমচিএইচ/২০২৩/৪০৫৯ নম্বৰৰ এখন আদেশ পত্ৰযোগে এইদৰে সতৰ্ক কৰি দিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ডীন তথা মুখ্য অধীক্ষকে। উল্লেখ্য যে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ থকা কৰ্তব্যৰ সময়ত ডিএমচিএইচৰ একাংশ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে নিয়মিতভাৱে একাংশ ব্যক্তিগত চিকিৎসালয়ত ব্যক্তিগত বৃত্তি চলাই অহাৰ তথ্য লাভ কৰা বুলিও পত্ৰখনত উল্লেখ আছে। অৱশ্যে কৰ্তব্যৰ সময়ত ব্যক্তিগত চিকিৎসালয়ত ব্যস্ত হৈ থকা ডিএমচিএইচৰ সেই একাংশ চিকিৎসকক নাকী লগোৱাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই প্ৰচেষ্টা বাস্তৱত গৈ কিমান ফলপ্ৰসূ হ’ব, সেই লৈ কিন্তু সন্দেহ প্ৰকাশ কৰিছে একাংশই।

 

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like