নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত হেঙুল থিয়েটাৰৰ নাট্যাৰম্ভ

বিশেষ বাৰ্তা, ২২ আগষ্টঃ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰৰ ৩৬সংখ্যক নাট্যবৰ্ষৰ কালি ৰাতি নাট্যাৰম্ভ কৰা হয়। মৰিয়নি ক্ৰীড়া সন্থাৰ সৌজন্যত মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি ৰাতি ফিটা কাটি মঞ্চ মুকলি কৰাৰ লগতে নতুন নাট্যবৰ্ষৰ শুভাৰম্ভ কৰে দীপলীনা ডেকাই। বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈয়ে। আনহাতে, হেঙুল থিয়েটাৰৰ জন্মদাতা প্ৰয়াত অভিনেতা প্ৰশান্ত হাজৰিকা আৰু অভিনেত্ৰী ইলা কাকতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে টিহুৰ নাট্যকৰ্মী ধনেশ্বৰ বৰ্মনে। উদ্বোধনী অনুষ্ঠানত প্ৰবীন অভিনেতা সুভাষ শৰ্মা, নাট্যকাৰ-অভিনেতা প্ৰণৱ বৰুৱা, বিশিষ্ট সংগীত শিল্পী অৰূপজ্যোতি বৰুৱা, কৰিঅ’গ্ৰাফাৰ জ্বলী বৰা, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ-নাট্যকৰ্মী প্ৰিতম কুমাৰ শইকীয়া, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত আদিক থিয়েটাৰ কৰ্তৃপক্ষই আদৰণি জনায়। আনহাতে, দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা আন এক অনুষ্ঠানত আয়োজক মৰিয়নি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা দীপলীনা ডেকা, হেঙুল থিয়েটাৰৰ প্ৰযোজক-পৰিচালক সংকল্পজিত হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা, সুদৰ্শন অভিনেতা ৰবি শৰ্মা, অভিনেত্ৰী দেৱাশ্ৰী দাস, নাট্যকাৰ-অভিনেতা প্ৰণৱ বৰুৱা, সংগীত শিল্পী অৰূপজ্যোতি বৰুৱা, আৰু বিশিষ্ট নাট্যকৰ্মী- মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰিতম কুমাৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট অভিনেতা ৰবি শৰ্মাই কয়- ভ্ৰাম্যমাণ থিয়েটাৰত দৰ্শকৰ সন্মুখত জীৱন্ত ৰূপত অভিনয় কৰাতো সদায়েই প্ৰত্যাহ্বান। সেয়েহে দৰ্শকসকলৰ পৰাও ভ্ৰাম্যমাণৰ নাটকত ‘ইনভ’লভমেন্ট’ হ’ব লাগে। তেতিয়াহে অভিনেতা-অভিনেত্ৰী আৰু দৰ্শকৰ মাজত সমন্বয় গঢ়ি উঠে আৰু সকলো সহজ হৈ পৰে। অভিনেতা ৰবি শৰ্মাই দৰ্শক ৰাইজৰ পৰা আশীৰ্বাদ কামনা কৰে। চমু অনুষ্ঠানটোত শিল্পী দীপলীনা ডেকা আৰু অৰূপজ্যোতি বৰুৱাই পৰিৱেশন কৰা গীতৰ অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰে। কালি নিশা প্ৰথমখন নাট বিশিষ্ট যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ৰচিত আৰু সংকল্পজিত হাজৰিকাৰ পৰিচালিত ‘আঁ‌কৰী তই পগলা মই’ মঞ্চস্থ কৰা হয়। হেঙুল থিয়েটাৰৰ এইবৰ্ষৰ আন দুখন নাটক হৈছে ন ৰূপত সজাই তোলা অভিজিৎ ভট্টাচাৰ্য্যৰ ‘চকু’ আৰু ৰাজদ্বীপৰ ‘বনৰজা’। ২১ আগষ্টৰ পৰা ২৬ আগষ্টলৈকে মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা হেঙুল থিয়েটাৰৰ নাট উপভোগ কৰিবলৈ নাট্যপ্ৰেমীৰ সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like