নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাকো নেওচি কঠোৰ পৰিশ্ৰমেৰে মৃৎ শিল্পৰ চৰ্চাত কোটোহা ভগামূৰৰ চেনিমাই চমুৱা আৰু ডলেশ্বৰী কলিতাৰ

নিয়মীয়া বাৰ্তা, ৮মাৰ্চ: এক প্ৰাচীন শিল্প কলা।যি শিল্প কলাই জীৱনৰ ৰং-তুলিকাত আনি দিয়ে এক অনন্য অনুভূতি।প্ৰাক বৈদিক যুগৰে পৰা আজিও বৰ্ত্তি আছে এই শিল্পকলা।কাৰোবাৰ বাবে,এই কলা হৈ পৰে জীৱন আৰু জীবিকা।বৈধৱ্যৰ সাজ কেতিয়াও হেঙাৰ হব নোৱাৰে। হয়, ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাওঁ পঞ্চায়তৰ অধীনৰ কোটোহা ভগামূৰ গাঁৱৰ মৃৎ শিল্পী চেনিমাই চমুৱা আৰু ডলেশ্বৰী কলিতাই তীব্ৰ আৰ্থিক দৈন্যতাৰ মাজেৰে অসমৰ কুমাৰ সকলৰ ধ্বজাবাহী ঐতিহ্যমণ্ডিত আপুৰুগীয়া মৃৎ শিল্পৰ চৰ্চা অব্যাহত ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।কোটোহা ভগামূৰ গাঁৱৰ নিৱাসী প্ৰয়াত উপেন চমুৱাৰ পত্নী চেনিমাই চমুৱা আৰু প্ৰয়াত ভূষণ কলিতাৰ পত্নী ডলেশ্বৰী কলিতাই কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে এই শিল্পকলাৰ দ্বাৰা জীৱিকা অৰ্জনৰে জীৱনৰ বাট বুটলিছে।নিজৰ সীমিত পুজিৰে এই শিল্পকলাৰে জীৱন সংগ্ৰামত অৱৰ্ত্তীণ হোৱা অকাল বৈধব্যৰ সাজ পৰিধান কৰা ডলেশ্বৰীয়ে আজিকোপতি কোনো চৰকাৰী সাহাৰ্য নোহোৱাকৈ তথা মৃৎ শিল্পৰ প্ৰশিক্ষণ অবিহনে নিজ হাতেৰে আটকধুনীয়া মাটিৰ পাত্ৰ তৈয়াৰ কৰি জীবিকাৰ সম্বল হিচাপে আঁকোৱালি লৈছে।এই শিল্পৰ বাবে কেঁচামাল হিচাবে উপযুক্ত মাটিৰ সমস্যা,মাটিৰ পাত্ৰ পকী কৰাৰ ক্ষেত্ৰত খৰিৰ সমস্যা আৰু বিশেষকৈ ঘৰুৱা আৰ্থিক দৈন্যতাৰে ভাৰাক্ৰান্ত মৃৎ শিল্পী ডলেশ্বৰী কলিতাই বিধবা জীৱন পৰিক্ৰমাৰ মাজেৰে কঠিন বাস্তৱতাৰ কণ্টকময় পথেৰে জীৱন অতিবাহিত কৰিছে।এজন পুত্ৰ অসুখীয়া হোৱা স্বত্তেও মৃৎ শিল্প চৰ্চা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে কোটোহা ভগামূৰ গাঁৱৰ দুৰ্ভগীয়া ডলেশ্বৰী কলিতা।বছৰ জোৰাকৈ নিজ খেতি মাটি পৰ্যাপ্ত নোহোৱ তথা অকলশৰীয়া হৈ নিজেই বিলৰ পৰা মাটি খান্দি, মুৰত পাছিৰে সেই মাটি কঢ়িয়াই আনি মৃৎ শিল্পী ডলেশ্বৰী কলিতাই মাটিৰে বিভিন্ন চালে চকুৰোৱা পাত্ৰ তৈয়াৰ কৰি বিলুপ্ত প্ৰায় মৃৎ শিল্পটোৰ চৰ্চা অব্যাহত ৰাখিছে।আনহাতে একে গাঁৱৰে চেনিমাই চমুৱাই কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে দৰিদ্ৰতাকো অতিক্ৰম কৰি মৃৎ শিল্পৰ চৰ্চাৰে জীৱন অতিবাহিত কৰিছে।ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত,ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ এলেকাস্থিত তথা বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাওঁ পঞ্চায়তৰ ভিতৰত মৃৎ শিল্প চৰ্চাৰে জীৱন অতিবাহিত কৰা কোটোহা ভগামূৰ গাঁৱৰ মৃৎ শিল্পী চেনিমাই চমুৱা আৰু ডলেশ্বৰী কলিতাই নিজৰ মূলধন,কঠোৰ পৰিশ্ৰমেৰে,নিজ হাতেৰে মাটিৰ পাত্ৰ তৈয়াৰ কৰি আত্মনিৰ্ভৰশীলতাৰে স্বাৱলম্বিতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।এই দুই গৰাকী মহিলা মৃৎ শিল্পীয়ে নিজ হাতৰ পৰশত কলহ,টেকেলী,
মাটিৰ ঘট,টাব,গছা,ধূপ জ্বলোৱা গছা,ধূণা জ্বলোৱা ধূণাবান,মলাচৰু,এৱাঁটেকেলী আদি তৈয়াৰ কৰি বিক্ৰী কৰি কথমপি জীৱন নিৰ্বাহ কৰি আহিছে।

আজিলৈকে চৰকাৰী ভাৱে আৰ্থিক সাহায্য, চৰকাৰী ভাৱে মৃৎ শিল্পৰ উন্নয়নৰ ক্ষেত্ৰত পাবলগীয়া সা -সুবিধা, চৰকাৰী ঋণ, আদিৰ বঞ্চিত হৈ অহা কোটোহা ভগামূৰ গাঁৱৰ মহিলা মৃৎ শিল্পী চেনিমাই চমুৱা আৰু ডলেশ্বৰী কলিতাই কঠোৰ পৰিশ্ৰমেৰে মৃৎ শিল্পৰ চৰ্চা সংগ্ৰামত ব্ৰতী হৈ আছে। মৃৎ শিল্পী ডলেশ্বৰী কলিতাই জানিবলৈ দিয়া মতে আজিপৰ্যন্ত চৰকাৰী ভাৱে প্ৰধানমন্ত্ৰী আবাসগৃহৰ লগতে অন্যান্য চৰকাৰী আচঁনিৰ পৰাও বঞ্চিত হৈ আহিছে।মৃৎ শিল্প কৰি কথমপি সামান্য খেতিৰে দৈনন্দিন জীৱন যাত্ৰাৰে অতিবাহিত মৃৎ শিল্পী ডলেশ্বৰী কলিতাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণেই অসুখীয়া পুত্ৰৰ উপযুক্ত চিকিৎসা কৰাব পৰা নাই বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ লৰুৱা মৌজাৰ কোটোহা ভগামূৰ গাঁৱৰ মহিলা মৃৎ শিল্পী চেনিমাই চমুৱা আৰু ডলেশ্বৰী কলিতাক অসমৰ মুখ্যমন্ত্ৰী, উদ্যোগমন্ত্ৰীয়ে মৃৎ শিল্প চৰ্চাৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যাৰাজি সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কবিবনে?তালৈ দুয়োগৰাকী বৈধৱ্যৰ লগতে স্থানীয় ৰাইজে আশাৰে বাট চাই ৰৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like