উদ্যমী জানমণিৰ কাষত অসম আৰক্ষীঃ উদ্যমিতাৰ শলাগ লৈ আগবঢ়ালে মটৰ চাইকেল
নিয়মীয়া বাৰ্তা, ১১ মে’ : দীৰ্ঘসময় ধৰি পৰিয়ালৰ ভাতমুঠিৰ তাগিদাত ডিব্ৰুগড়ৰ জানমণি গগৈয়ে চাইকেল লৈ শাক–পাচলি বিক্রী কৰাৰ এক আলোকচিত্র তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছিল ৷ হোৱাটছএপ তথা বিভিন্ন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আলোকচিত্র তথা ভিডিঅ’ৱে প্ৰতিজন মানৱদৰদী লোকক ব্যথিত কৰি তুলিছিল ৷ জিলা প্রশাসন, জিলা উপায়ুক্তকে আদি কৰি বিভিন্ন সংবাদ মহলত ব্যাপক চর্চা লাভ কৰিছিল জানমণিৰ সাহস আৰু কৰ্মউদ্দীপনাক লৈ ৷
সময় বাগৰি শেহতীয়াকৈ সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনাম হোৱা জানমণিৰ খবৰ পাইছিলগৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাণত । লগে লগে ডিব্ৰুগড় আৰক্ষীলৈ নিৰ্দ্দেশ ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ । জানমণিৰ প্ৰচেষ্টা আৰু আদৰ্শক জিয়াই ৰখাৰ লগতে যথোচিত সন্মানৰ অৰ্থে প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়োৱাৰ নিৰ্দ্দেশ মহন্তৰ ।
কথা মতেই কাম । স্থানীয় আৰক্ষী বিষয়া পল্লৱী মজুমদাৰে শাক-পাচলিৰ ব্যৱসায়ৰ বাবে উপযোগী হোৱাকৈ এখন দুচকীয়া বাহন প্ৰদান কৰে উদ্যমী যুৱতীগৰাকীক ।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এনে কাৰ্যৰ পাছতে সকলোৱে এতিয়া শলাগ লৈছে ।
Janmoni Gogo sells vegetables on a bicylcle to fend for her family. Inspired by her self respect & guided by our visionary @DGPAssamPolice Sir’s direction to transform ourselves from police force to facilitators of economy, DYSP HQ gifted the little entrepreneur a moped / bike pic.twitter.com/kncyhRQEr9
— Dibrugarh Police (@dibrugarhpolice) May 11, 2020