নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনাঃ গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ কেইবাজনো

  • গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক
  • অস্ত্ৰ -শস্ত্ৰ গুলী বাৰুদ উদ্ধাৰ
  • নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনাৰ সতে জড়িত কেবাজনো ।
  • ন্যায়িক জিন্মা আৰু আৰক্ষী জিন্মালৈ প্ৰেৰণ ।

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: বিটিআৰত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা তথ্য লাভ কৰি কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা বিপিএফৰ নেতা, প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰী , জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াৰোপৰি আৰক্ষীয়ে প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীৰ ঘৰৰ পৰা বুজন পৰিমানৰ মাৰণাস্ত্ৰ জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰৰ পৰা এটা একে ৪৭ ৰাইফল , মেগজিন এটা, ১২৬ জাঁই সজীৱ গুলী, এম ১৬ ৰাইফল এটা ,এম ১৬ ৰাইফলৰ মেগজিন এটা আৰু গুলী ৯ জাঁই উদ্ধাৰ কৰা বুলি দাবী কৰিছে ।

প্ৰাপ্ত বাতৰি অনুসৰি তথা পৰিয়ালৰ লোকে সুকীয়া সুকীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি আৰক্ষীয়ে তিনিওজনকে মাজনিশা ২:০০ – ২:৩০ মান বজাত আৰক্ষীয়ে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু আটক কৰি থানালৈ লৈ আহে । জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ সহধৰ্মীনিয়ে প্ৰকাশ কৰা মতে কালি নিশা ২:০০ মান বজাত আৰক্ষীয়ে সীমাৰ দেৱাল পাৰ হৈ তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু বাৰে বাৰে কলিং বেল বজাত সাৰ পায় । আৰক্ষীয়ে তেওঁলোকক বাহিৰলৈ ওলাই আহিবলৈ কোৱাত প্ৰথমে দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ সহধৰ্মীনি বাাহিৰলৈ ওলাই আহি আৰক্ষীয়ে ইমান ৰাতি ঘৰত প্ৰৱেশ কৰাৰ কাৰণ জানিব বিচাৰে । আৰক্ষীয়ে দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ সতে কথা আছে আৰু তেওঁক থানালৈ যাব লাগিব বুলি কয় । আৰক্ষীয়ে কি কাৰণত মাজনিশা তেওঁৰ স্বামীক থানালৈ লৈ যাব ওলাইছে সেয়া বাৰম্বাৰ সোধা সত্বেও কোনো তথ্য প্ৰকাশ নকৰিলে বুলি সদৰি কৰি দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ সহধৰ্মীনি কয় যে আৰক্ষীয়ে তেওঁলোকৰ ঘৰত তালাচী চলায় আৰু তেওঁৰ স্বামীক থানালৈ লৈ যায় । ইপিনে পুৱতি নিশা প্ৰায় ৩ মান বজাত গোসাঁইগাঁৱৰ সাপকাটাৰ শহুৰেকৰ ঘৰৰ পৰা পৰা বিক্ৰম দৈমাৰীক আৰক্ষীয়ে আটক কৰে ৷ বিক্ৰম দৈমাৰীৰ প্ৰকৃত ঘৰ ওদালগুৰী জিলাত যদিও শহুৰেকৰ ঘৰত থকাত আৰক্ষীয়ে নিশাই আটক কৰি থানালৈ লৈ আহে । ইপিনে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীকো মুছলপুৰৰ পৰা আৰক্ষীয়ে আটক কৰি কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে । হিতেশ বসুমতাৰীৰ সহধৰ্মীনি অঞ্জনা বসুমতাৰীৱে সদৰি কৰা মতে আৰক্ষীয়ে দুবাৰকৈ তেওঁলোকৰ ঘৰত তালাচী চলাইছিল। প্ৰথমবাৰ তালাচীৰ সময়ত একো পোৱা নাছিল যদিও দ্বিতীয়বাৰ গাঁৱৰ মানুহক লৈ তালাচী চলাই আৰক্ষীয়ে অস্ত্ৰ উদ্ধাৰ কৰে বুলি মন্তব্য কৰি অঞ্জনা বসুমতাৰীৱে কয় যে এয়া সম্পূৰ্ণ পৰিকল্পিত ঘটনা আৰু আৰক্ষীয়ে নিজেই অস্ত্ৰ থৈ উদ্ধাৰ কৰা বুলি নাটক ৰচিছে । এই পৰিকল্পনাৰ অংশস্বৰূপে আৰক্ষীয়ে হিতেশ বসুমতাৰীৰ সতে থকা দেহৰক্ষীকো প্ৰশিক্ষণ আছে বুলি নিশাই আতৰাই নিছিল বুলি মন্তব্য কৰি অস্ত্ৰ উদ্ধাৰৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত ঘটনা বুলি ক্ষোভ প্ৰকাশ কৰিছে হিতেশ বসুমতাৰীৰ সহধৰ্মীনি অঞ্জনা বসুমতাৰীৱে । ইপিনে প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰী , জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক আটক কৰাৰ পিছতেই বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৰ এটা প্ৰতিনিধিৰ দল কোকৰাঝাৰ সদৰ থানাত উপস্থিত হৈ গ্ৰেপ্তাৰ কাৰ্যৰ গৰিহণা প্ৰকাশ কৰে । বিপিএফ দলৰ জেষ্ঠ্য নেতা তথা বিটিচিৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়ে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া অসম চৰকাৰৰ পৰিকল্পনা আৰু ৰাজনৈতিক ষড়যন্ত্ৰ ৷ যদি জনজাতি সকলৰ বাবে মাত মাতি থকাৰ বাবে এওঁলোকক গ্ৰেপ্তাৰ কৰিছে তেতিয়াহলে বড়ো জাতিৰ বাবে এয়া দূৰ্ভাগ্যজনক আৰু চৰকাৰ জনজাতি বিৰোধী কাম কৰিছে বুলি মত ব্যক্ত কৰে ৷ আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা গৰ্জন মুছাহাৰীয়ে উদ্ধাৰকৃত অস্ত্ৰ বড়ো জণগণৰে নে চৰকাৰৰ বুলি প্ৰশ্ন উত্থাপন কৰি শান্তিৰ বিটিআৰত অস্ত্ৰ কৰ পৰা ওলাল বুলিও প্ৰশ্ন উত্থাপন কৰিছে ।

ইপিনে বিয়লি কোকৰাঝাৰ আৰক্ষীয়ে তিনিওকে কোকৰাঝাৰৰ আদালতত হাজিৰ কৰায় । আৰক্ষীয়ে ১৪ দিনৰ আৰক্ষী জিন্মাত বিচাৰিছিল যদিও আদালতে জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক মহামান্য আদালতে পাঁচদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে । ইয়াৰপিছতেই বিয়লি প্ৰায় ৫:০০ বজাত কোকৰাঝাৰ থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই কয় যে হিতেশ বসুমতাৰী , দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বিক্ৰম দৈমাৰীৱে নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ৰচাৰ তথ্য লাভ কৰিয়ে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত এক গোচৰ (নং 09/2023 )ৰজু কৰা হৈছে । গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120 (B) /121 /121(A),122 /124(A)IPC R/W Section আৰু 16/17/18/18(A) 18(B) /19 /20/21UA (p)Act & R/w Sec 66 . I.T .এক্টত গোচৰ ৰজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে আজি গ্ৰেপ্তাৰ হোৱা তিনিওজনে হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ট বুলি পৰিচিত আছিল । ইয়াৰে হিতেশ বসুমতাৰী বিপিএফৰ জেষ্ঠ্য নেতা আৰু দাওৰাও দেখ্ৰেব নাৰ্জাৰী বিপিএফৰ পূৰ্বৰ কোষাধ্যক্ষ আছিল । আনহাতে ঠিকাদাৰ বিক্ৰম দৈমাৰীও বিপিএফৰ সতে ঘনিষ্ট বুলি পৰিচিত । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে হিতেশ বসুমতাৰী আৰু বিক্ৰম দৈমাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে সদৰি কৰা মতে নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনাত আন কেবাজনো জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু শীঘ্ৰে সমস্ত তথ্য বাহিৰ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

 

You might also like