নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখসংখ্যক ভোটত জয়ী হ’ব দিলীপ শইকীয়া : দিগন্ত কলিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ দৰং ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ তিনি লাখৰ অধিক ভোটৰ ব্যৱধানত পুনৰ বিজয়ী হ’ব বিজেপি প্রার্থী দিলীপ শইকীয়া৷ আজি ওদালগুৰিত এই দাবী কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই৷ ওদালগুৰিত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জেপি নাড্ডাৰ নির্বাচনী সভাত অংশগ্রহণ কৰি বিধায়ক কলিতাই কয় যে দৰং ওদালগুৰি সমষ্টিৰ ৰাজনৈতিক পথাৰখনত এতিয়া বিৰোধীৰ স্থিতি নিশকতীয়া হৈছে৷ সমষ্টিটোত কংগ্রেছ দলে যিজন প্রার্থীক যুঁজত নমাইছে তেওঁক সমষ্টিৰ অধিকাংশ ৰাইজে ১৫–২০ বছৰ ধৰি দেখাই নাই৷ তেওঁৰ ৰাইজৰ স’তে কোনো সম্পর্ক নাই৷ বিপিএফে যিগৰাকী বিধায়কক প্রার্থিত্ব দিছে তেওঁ প্রতিনিধিত্ব কৰা কলাইগাঁও বিধানসভা সমষ্টিতে বিজেপিয়ে অধিক ভোট লাভ কৰাটো নিশ্চিত বুলি কয় বিধায়ক কলিতাই৷ তেওঁ কয়, ‘দৰং ওদালগুৰি সমষ্টিত মিত্রজোঁটৰ প্রার্থী দিলীপ শইকীয়াই অভিলেখসংখ্যক ভোটত জয়ী হ’ব৷ বিৰোধীৰ কোনো গ’লকিপাৰ নাই৷ ফলত এইবাৰ দিলীপ শইকীয়াৰ বিজয়ৰ ব্যৱধান অভূতপূর্ব হ’ব৷’ দৰং ওদালগুৰি লোকসভা সমষ্টিক ন–ৰূপত সজাই লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপে সমষ্টিটোৰ বিকাশৰ যাত্রাত অনন্য মাত্রা প্রদান কৰিব বুলি মন্তব্য কৰি কলিতাই কয় যে এই নির্বাচনত বিজেপি আৰু মিত্রজোঁটৰ প্রার্থীক ভোট প্রদানৰ অর্থই হ’ল প্রধানমন্ত্রী মোদীক শক্তিশালী কৰা৷ বিগত ১০ বছৰত প্রধানমন্ত্রী মোদীয়ে অসমৰ বিকাশৰ প্রতি যিদৰে সহায়ৰ হাত আগবঢ়াইছে পূর্বতে কোনো প্রধানমন্ত্রীৰ ক্ষেত্রত এনে উদাহৰণ পাবলৈ নাই৷ ১০ বছৰত মোদীয়ে ২৭বাৰ অসমলৈ আহি ৰাইজৰ সমস্যাৰাজিৰ বুজ লোৱাই নহয়, ৰাজ্যখনলৈ বিকাশৰ অনিৰুদ্ধ যাত্রা চলাইছে৷ এই বিকাশৰ যাত্রাক আগবঢ়াই নিয়াৰ স্বার্থত প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ডাবল ইঞ্জিনৰ চৰকাৰখন আৰু অধিক শক্তিশালী কৰিব লাগিব৷ এই ক্ষেত্রত দৰং ওদালগুৰিৰ ৰাইজে ইতিবাচক সঁহাৰি প্রদান কৰা বুলি সদৰী কৰে বিধায়ক কলিতাই৷ তেওঁ কয় যে ওদালগুৰিত আজি জেপি নাড্ডাৰ নির্বাচনী সভাত ৩০ হাজাৰৰো অধিক লোকৰ সমাগম হৈছে৷ বিৰোধী দলসমূহৰ প্রার্থীসকলৰ সভাত ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা বুলি কয় বিধায়ক কলিতাই৷

You might also like