নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰগাঁৱত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : অসমৰ এক অন্যতম জনগোষ্ঠী শৰণীয়া কছাৰীসকলৰ কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ ওদালগুৰি জিলাৰ ঝাৰগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি জিলা আৰু ঝাৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত ঝাৰগাঁৱৰ প্ৰয়াত বাবুল শৰণীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বাঁহ গোসাঁই উৎসৱক লৈ এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় উৎসৱথলীত। শৰণীয়া কছাৰী লোক নৃত্য-গীতেৰে মুখৰ হৈ পৰে উৎসৱস্থলী। ব্যাপক আয়োজনেৰে দুদিনীয়াকৈ উদযাপিত এই উৎসৱৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত মুখ্য দ্বাৰ উদঘাটন কৰি বাঁহ-গোসাঁই উৎসৱৰ শুভাৰম্ভ কৰে বিটিচিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়োৱে। ইয়াৰ পিছতে গোসাঁই ঘৰ, ৰভা, মঞ্চ, অতিথিশালা, ভোজনালয় আৰু প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটনকে ধৰি কেইবাটাও কাৰ্যসূচী সমাপন কৰা হয়। আজি প্ৰথম দিনটোৰ উল্লেখযোগ্য কাৰ্যসূচীৰ ভিতৰত আছিল ৰাজ্যিক ভিত্তিত শৰণীয়া কছাৰীৰ মাছমৰীয়া নৃত্য প্ৰতিযোগিতা । বিশিষ্ট সাংস্কৃতিক কৰ্মী পুৱা ৰাম ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই মাছমৰীয়া নৃত্য প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰসাদ শৰণীয়াই। বিয়লিৰ ভাগত অনুষ্ঠিত হ’য় এক মনোজ্ঞ আলোচনা চক্ৰ। ‘মৌখিক সাহিত্যত শৰণীয়া কছাৰীৰ আধ্যাত্মিক পৰম্পৰা’ শীৰ্ষক আলোচনাচক্ৰ উদ্বোধন কৰে শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱাই। আলোচনা চক্ৰ উদ্বোধন কৰি বৰুৱাই কয় যে শৰণীয়া কছাৰী জনসমাজত প্ৰচলিত আধ্যাত্মিক চেতনা সমৃদ্ধ লোককথা বোৰে জনগোষ্ঠীটোৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছে। মহেশ্বৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰে সাংস্কৃতিক কৰ্মী শৰৎ ডেকা, বিশিষ্ট লেখক মলয় কুমাৰ ডেকাকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে। কাইলৈৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল, ডাঃ ৰণোজ পেগু, বিটিচিপ্ৰধান প্ৰমোদ বড়ো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন ৰাভা হাকাচাম, কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মঞ্জিল হাজৰিকা, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাখলাৰীকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like