নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল সৰুপেটাৰ ডিম্পী

নিয়মীয়া বাৰ্তা, সৰুপেটা, ২৮ এপ্ৰিল : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নৃতত্ত্ব (Anthropology) বিষয়ত ৯৯ নম্বৰ লাভেৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে সৰুপেটাৰ বাসিন্দা তথা পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কলা শাখাৰ শিক্ষাৰ্থী ডিম্পী ডেকাই।

ডিম্পী ডেকা সৰুপেটাৰ বাসিন্দা তথা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী দিলীপ কুমাৰ ডেকা আৰু উজান বৰবড়ীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী নিতুমণি দাসৰ কন্যা।

উল্লেখ্য যে ডিম্পী ডেকাই নৃতত্ব বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে ইংৰাজী, অসমীয়া মাতৃভাষা, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু ভূগোল বিষয়তো লেটাৰ নম্বৰ লাভ কৰি ৯৪.৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে। আনহাতে, ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো উচ্চ গণিত বিষয়ত ১০০ নম্বৰ আৰু ইংৰাজী বিষয়ত ১০০ নম্বৰ লাভ কৰি দুয়োটা বিষয়তে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল আৰু আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯৪.১৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছিল।

You might also like