HS-ৰ ফলাফল : দেৰগাঁৱৰ স্বপ্ননীল বৰাৰ সাফল্য অর্জন
আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাৰ ফলাফলত দেৰগাঁৱৰ মিছামৰা মৌজাৰ দুলীয়াগাঁৱৰ মেধাৱী ছাত্র স্বপ্ননীল বৰাই কলা শাখাত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীর্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
স্বপ্ননীলে ইংৰাজীত ৭০, অসমীয়াত ৮৫, বুৰঞ্জীত ৮৩, ভূগোলত ৭৫, স্বদেশ অধ্যয়নত ৬৫, ৰাজনীতি বিজ্ঞান বিষয়ত ৬৪ নম্বৰ লাভ কৰি সর্বমুঠ ৩৭৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
স্বপ্ননীলে মেট্রিক পৰীক্ষাত অসমীয়া আৰু বিজ্ঞান বিষয়ত লেটাৰ লাভ কৰি প্রথম বিভাগত উত্তীর্ণ হৈ মেধাৰ পৰিচয় দিছিল৷ স্বপ্ননীলে জন্মৰ মাত্র এবছৰ বয়সতে পিতৃ ৰাজামোহন বৰাক শিৱসাগৰত সংঘটিত এক ভয়ংকৰ দুর্ঘটনাত চিৰদিনৰ বাবে হেৰুৱাইছিল৷ তেতিয়াৰে পৰা মাতৃ বিনীতা নেওগ বৰাই বহু কষ্টৰে অর্থ উপার্জন কৰি স্বপ্ননীলক পঢ়া–শুনোৱাৰ লগতে ডাঙৰ–দীঘল কৰি আহিছে৷
স্বপ্ননীলে পঢ়া–শুনাৰ লগতে দেৰগাঁৱৰ লগতে যোৰহাটৰ বিভিন্ন স্থানত ভাওনাত অভিনয় কৰি দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷
ডিজিটেল ডেস্ক, ২৮ এপ্রিল