নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণজ্যোতি গগৈৰ ছদ্মবেশী আঞ্চলিকবাদৰ জাল

🔹 মাণিক চন্দ্র নাথ

আজিকালি কেইবাটাও ৰাজনৈতিক দলে দলবান্ধি ক্ষমতা দখলৰ যুঁজত নামে৷ ইফালে, মিত্রজোঁটৰ ভিতৰত সোমাই থকা দলবোৰৰ ভিতৰত ঠেলা–ঠেলিও চলি থাকে৷ মিত্রজোঁটত থকা ৰাজনৈতিক দলবোৰৰ মাজৰ আদর্শ কিছু পৰিমাণে বা বহু পৰিমাণে মিল থাকিব পাৰে বা একেবাৰে মিল নাথাকিবও পাৰে৷ সাধাৰণভাৱে আদর্শগত মিল–মিলৰ অনুপাতে মিত্রজোঁটত থকা ৰাজনৈতিক দলবোৰৰ মাজৰ আকর্ষণ–বিকর্ষণ কম–বেছি হয় যদিও এই আকর্ষণ–বিকর্ষণ চেৰাই গৈ প্রতিটো দলেই আনৰ শক্তি কমাই নিজৰ শক্তি বৃদ্ধি কৰিবলৈ ছেগ বিচাৰি ফুৰে৷ মিত্রজোঁটৰ ভিতৰত অস্ত্র ধাৰ দি থকাৰ শব্দ বাহিৰত কম পৰিমাণেহে শুনা যায়৷ অসমৰ আগন্তুক বিধানসভাৰ নির্বাচনী ৰণত নামিবলৈ শাসকীয় দল বিজেপিৰ নেতৃত্বত এটা পক্ষ আৰু কংগ্রেছৰ নেতৃত্বত আন এটা পক্ষই কঁকালত টঙালি বান্ধিছে৷

মিত্রজোঁটত বড়োলেণ্ডৰ আঞ্চলিক দলৰ স্থিতি একেবাৰে সোলোক–ঢোলোক৷ বড়োলেণ্ডৰ ক্ষমতাত থকা দলটোৱে ৰাজ্যখনৰ ক্ষমতাত থকা দলটোৰ লগত মিত্রতা স্থাপন কৰি বড়োলেণ্ডৰ কাৰণে সুবিধা আদায় কৰি লয়৷ অসমৰ আন জনগোষ্ঠীয় আঞ্চলিক দলসমূহৰ লগত বিজেপিৰ ৰামধেনুসদৃশ মিত্রতা স্থাপন হৈ আছে৷ বিজেপি চৰকাৰৰ শাসনত নিজৰ ভূমি আৰু কৃষ্টি–সংস্কৃতি বাংলাদেশী মিঞা–মুছলমানৰ আগ্রাসনৰ পৰা সুৰক্ষিত হৈ থাকিব বুলি বিশ্বাস কৰি অসমৰ থলুৱা জনগোষ্ঠীসমূহে বিজেপিৰ প্রতি পূর্ণ সমর্থন আগবঢ়াই আহিছে৷

বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ আটাইতকৈ শক্তিশালী অংশীদাৰী দল এজিপি৷ এজিপি–বিজেপিৰ আদর্শৰ বিৰোধো কম৷ দুয়োটা দলেই খিলঞ্জীয়াৰ পক্ষত আৰু অবৈধ বাংলাদেশী মুছলমানৰ বিপক্ষত থিয় দিয়ে৷ কিন্তু অবৈধ বাংলাদেশী মুছলমানক অসমৰ পৰা খেদি পঠিওৱাৰ দায়িত্বৰ ক্ষেত্রত এজিপি দলটোৰ দায়বদ্ধতা বহু পৰিমাণে বেছি৷ কিয়নো অবৈধ বাংলাদেশীসকলক অসমৰ পৰা বিতাড়ন কৰাৰ দাবীত চলা ছয় বছৰীয়া আন্দোলনৰ ফলশ্রুতিত আৰু ৮৫৫জন শ্বহীদৰ তেজৰ বিনিময়ত এজিপি দলটোৰ জন্ম হৈছিল৷ আন্দোলন চলোৱা নেতাসকলে জন্ম দিয়া দলটোক অসমৰ ৰাইজে দুটাকৈ কার্যকালৰ বাবে শাসনভাৰ গতাই দিছিল৷ পিছে মূৰত তুলি লোৱা অযোগ্য পুত্রই পৰিয়ালটোৰ সর্বনাশ কৰাৰ দৰে অসমৰ ৰাইজে ৰাজ্যখনৰ শাসনভাৰ গতাই দি মূৰত তুলি লোৱা অযোগ্য নেতাসকলে ৰাজভোগত মত্ত হৈ থকাৰ সুবিধা ল’বলৈ নিজৰ ভিতৰতে খোৱা–কামোৰাত ব্যস্ত হৈ পৰিছিল৷ শাসনলৈ গৈয়ে ৰাইজক তিতা–টেঙা লগোৱা এজিপি দলটোক অসমৰ ৰাইজে মূৰৰ পৰা নমাই কংগ্রেছৰ হাতলৈ ক্ষমতা যোৱাত সুবিধা কৰি দিছিল৷ আপুনি বয়স হ’লে বুদ্ধি হ’ব ভাল৷ ক্ষমতাত থকা আৰু ক্ষমতাৰ পৰা আঁতৰি থকাৰ মুঠ দহটা বছৰৰ অভিজ্ঞতাই এজিপিৰ নেতাসকলক সুমতি প্রদান কৰিব বুলি আশা কৰি অসমৰ ৰাইজে দলটোৰ হাতত আকৌ এবাৰ ক্ষমতা তুলি দিছিল৷ কিন্তু সেয়া হৈ পৰিছিল পুত্রৰ মোহত অন্ধ হোৱা পিতৃক হতবুধিয়ে লগ লোৱাৰ দৰে দুর্ভাগ্যৰ এক পৰিক্রমা৷ দ্বিতীয়বাৰ শাসনলৈ আহি এজিপি দলটোৱে অসমৰ ৰাইজক ত্রাহি মধুসূদন দেখুৱালে৷ পৰিণতিত নিজৰ অত্যাচাৰতে কঁকাল ভাঙি লোৱা দলটোৱে অথর্ব অৱস্থাত জীয়াই থাকিব লগা অৱস্থালৈ গতি কৰিলে৷ ইফালে, চৰকাৰ গঠন কৰিবলৈ সুবিধা পোৱা মুখ্যমন্ত্রী তৰুণ গগৈয়ে কর্মচাৰীসকলক নিয়মিত দৰমহা দি থাকিব পৰাৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিয়েই পোন্ধৰটা বছৰ অনায়াসে ৰাজ্য শাসন কৰিবলৈ সুবিধা পালে৷ এনেকৈ বিদেশী খেদাৰ দায়িত্ব লৈ শাসনলৈ অহা এজিপি দলটোৱে দুটাকৈ কার্যকালৰ বাবে ক্ষমতালৈ আহিবলৈ সুবিধা পায়ো বিদেশী বহিষ্কৰণৰ বাবে পদক্ষেপ লোৱাটো দূৰৰে কথা, চৰকাৰখনে অবৈধ বিদেশীসকলক চিনাক্ত কৰিবলৈকো মন–কাণ নকৰিলে৷ কিন্তু ভাৰতৰ অন্য প্রান্তৰ লোকৰ ভাব–ভাষা, সুবিধা–সমস্যা আদিৰ পৰা পৃথক প্রান্তীয় ৰাজ্য অসম জাতীয়তাবাদী চিন্তাৰ ঊর্ধ্বৰ ভূমি৷ অসমৰ জাতীয়তাবাদৰ শিপা জাতি–মাটি–ভেটিত বিয়পি আছে৷ ক্ষমতাত থকা এজিপিৰ নেতাসকলে জাতি–মাটি–ভেটি গছকি–ফেনেকি জাতীয়তাবাদ চেপেটা কৰিলেও তাৰ শিপা–চুলিশিপা মৰি নগ’ল৷ সর্বানন্দ–হিমন্তই অসম বিজেপিৰ নেতৃত্ব লৈ জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ কথা কোৱাত এজিপিৰ ভোট বিজেপিলৈ গতি কৰিলে৷ শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মাই জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ কাৰণে কোনোৱে কল্পনাও কৰিব নোৱাৰা অনেক কাম কৰি আছে৷ অসমীয়া জাতিটোক আগুৱাই নিবলৈ তেওঁ অসমৰ সকলোবোৰ আঞ্চলিক দলক লগত লৈছে৷ ভোটৰ অংকত মিত্রজোঁটৰ দলবোৰৰ ক’ৰবাত ক’ৰবাত পৰস্পৰৰ পৰিপূৰক হ’ব যদিও অক্লান্ত পৰিশ্রমেৰে ড০ হিমন্ত বিশ্ব শর্মা অসমীয়া জাতিটোৰ ভিতৰত এনেকৈ সোমাই গৈছে যে তেওঁ লগত আছে বুলিয়েই বিজেপি বা সহযোগী দলৰ যিকোনো প্রার্থীকে খিলঞ্জীয়া ভোটাৰে অকুণ্ঠ সমর্থন দিবলৈ সাজু হৈ উঠিছে৷ এনে সময়তে আগমৰা বাঁহৰ দৰে গৃহস্থৰ এলাগী হৈ উঠা এজিপিৰ কিছুমান নেতাই দলীয় টিকট বিচাৰি এজিপি–বিজেপি মাজৰ আকর্ষণ কমাইছে৷ কংগ্রেছক আগুৰি গঠন হোৱা আনটো মিত্রজোঁটত এআইইউডিএফ পুৰণা সংগী৷ কিন্তু দল দুটাৰ মাজত আকর্ষণ নাই, আছে পৰস্পৰক কবৰস্থ কৰাৰ মানসিকতা৷ তথাপি শাসকীয় মিত্রজোঁটৰ অংশীদাৰ হ’বলৈ এআইইউডিএফ কংগ্রেছৰ আৰু ক্ষমতা দখল বা আসন ধৰি ৰখাৰ স্বার্থত কংগ্রেছ এআইইডডিএফৰ শৰণাপন্ন হৈ আহিছে৷ ইয়াৰ মাজতে কংগ্রেছে এআইইডডিএফক নিজৰ আঁৰ কৰি খিলঞ্জীয়াৰ কাষলৈ যোৱাৰ চেষ্টা কৰি আহিছে৷ মিঞা–মুছলমান অধ্যুষিত সমষ্টি নিজৰ দখলত ৰাখিবলৈ এইবাৰ তেওঁলোকে এআইইউডিএফক শত্রু দলৰ শাৰীত ৰাখিছে৷ কংগ্রেছৰ আন পুৰণা সংগীৰ ভিতৰত বাঁওপন্থী দলকেইটা অন্যতম৷ বিজেপি–আৰএছএছক সাম্প্রদায়িক বুলি দুর্ঘোৰ গালি পাৰি আনহাতে মিঞা–মুছলমানক অসমত বৰপীৰা পাৰি দি ধর্মনিৰপেক্ষতাৰ অর্থ বিচাৰ কৰাত দুয়োটা দলৰ আদর্শ একে৷ মিত্রতাৰ ক্ষেত্রত দুই–এখন আসনতে সন্তুষ্ট হোৱা এই দলবোৰৰ কংগ্রেছৰে সৈতে পৰস্পৰ আকর্ষণেৰে নির্দিষ্ট কক্ষপথত কংগ্রেছক প্রদক্ষিণ কৰি আছে৷
লুৰিণজ্যোতি গগৈৰ এজেপি দলটোক কংগ্রেছে তেওঁলোকৰ মিত্রজোঁটৰ এক শক্তিশালী অংশীদাৰ যেন দেখুৱাই আছে যদিও আচলতে সেইটো কংগ্রেছে অংগ প্রজননৰ দৰে নিজৰ গাতে জন্ম দি লোৱা এটা নতুন দল৷ যিহেতু জাতীয়তাবাদৰ কাৰণে অসমৰ মাটি সাৰুৱা আৰু এজিপি হৈছে বিজেপিৰ কাষৰীয়া জাতীয়তাবাদী দল, গতিকে কংগ্রেছকো জাতীয়তাবাদী কাষৰীয়া দল এটা লাগে৷ বিদেশী খেদা আন্দোলনৰ আৱেগত জন্ম হোৱা এজিপিৰ জন্ম বৃত্তান্তক বীজগণিতীয় সূত্রৰ দৰে লৈ ‘কা’বিৰোধী আন্দোলনৰ এক আৱেগিক পৰিৱেশত কংগ্রেছে ‘এজিপি’ৰ নামসহ অনুসৰণ কৰি এজেপি দলটোক জন্ম দি তুলি–তালি লৈছে৷ আগন্তুক নির্বাচনক লক্ষ্য কৰি বিজেপি মিত্রজোঁটে জনসাধাৰণৰ মনত নতুন নতুন আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে কংগ্রেছ মিত্রজোঁটে মুখ্যমন্ত্রীৰ প্রতি ঘৃণা বিয়পোৱাতে ব্যস্ত আছে৷ এই ঘৃণা এনেকুৱা পর্যায় পাইছেগৈ যে আদালতেও বিৰোধীৰ নেতাসকলৰ মুখ চিলাই থ’ব লগা হৈছে৷ কংগ্রেছ দলটোৰ কেইগৰাকীমান মহিলাৰ মুখৰ পৰা যিদৰে ঘৃণাসূচক লেলপেলীয়া কথাবোৰ বাহিৰ হৈ থাকে, লুৰিণজ্যোতি গগৈৰ দৰে উদীয়মান সুশিক্ষিত ডেকা ল’ৰা এটাৰ মুখৰ পৰাও একেধৰণৰ কথা–বতৰা বাহিৰ হৈ থাকে৷ ‘জন আশীর্বাদ যাত্রা’ত মুখ্যমন্ত্রীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ, এবাৰ লগ পাবলৈ হাজাৰ হাজাৰ লোক ঘণ্টাৰ পিছত ঘণ্টা পথৰ দুয়োকাষে থিয় হৈ থাকে৷ কিন্তু সেইসকল জনতাই মুখ্যমন্ত্রীগৰাকীক আশীর্বাদ দিয়া লুৰিণজ্যোতি গগৈয়ে নেদেখে, অভিশাপ দিয়াহে দেখে৷ এনেকুৱা কথাত আচৰিত হ’ব লগা একো নাই, কিয়নো তেওঁক যিয়ে ধাৰণ কৰিছে তেওঁ তাৰে ৰং–ৰূপ গ্রহণ কৰিছে৷

কংগ্রেছ মিত্রজোঁটৰ যিটো ৰূপ চাবলৈ ৰাইজে দীর্ঘদিন ধৰি বাট চাই আছে, সেইটো এতিয়াও স্পষ্ট ৰূপত ওলাই পৰা নাই৷ মিঞা–মুছলমানৰ মাজত নিজৰ আধিপত্য বিস্তাৰ কৰি আৰম্ভণিৰে পৰা অখিল গগৈ কংগ্রেছৰ মূৰৰ কামোৰণি হৈ আহিছে৷ আনকি পাকিস্তান ঘূৰি–পকি অহা গৌৰৱ গগৈৰ গাৰ গেলা গোন্ধ যিখন ঢাকোনেৰে কংগ্রেছ দলে ঢাকি ৰাখিব বিচাৰি আছে, সুবিধা বুজি অখিল গগৈয়ে সেইখন ঢাকোনৰ চুক এটা দাঙি দি সেই গেলা গোন্ধ বাহিৰ হ’বলৈ সুবিধা কৰি দিয়ে৷ পৰস্পৰে পৰস্পৰক বিশ্বাসত ল’ব নোৱাৰা দুটা দলৰ মিত্রতাৰ নামত অনেক বিলাপ–বচন চলি আহিছিল৷ অৱশেষত অখিল গগৈয়ে মিত্রতা ভংগ কৰি গৌৰৱ গগৈক গালি পাৰিবলৈ লৈছে৷ এনেকৈ মিত্রতাৰ নামত কোনে ক’ত চালাকি খটুৱাই আছে, সেয়া বাহিৰৰ পৰা ধৰিব পৰা নাযায়৷ পিছে অতি চালাকিৰ গলায়েই ফাঁচি৷ যি কি নহওক, কেনেবাকৈ যদি কংগ্রেছে ক্ষমতা দখলৰ আশা দেখে বা কংগ্রেছক অন্য সমর্থনৰ প্রয়োজন হয়, তেতিয়া দলটোৱে অখিল গগৈ আৰু বদৰুদ্দিন আজমলক যে বুকুৰ মাজলৈ টানি আনিব সেয়া খাটাং৷ এতিয়া আমি দেখি থকা দৃশ্যবোৰৰ তেওঁলোকৰ ভাওনাৰ অংশ মাথোঁ৷

ফোন : ৯৮৬৪১–০৮৬৬৮

You might also like