মাজুলীৰ প্ৰতিখন বিদ্যালয়ত পাঠ্যপুথি, ঐক্য পোছাক বিতৰণ
শিক্ষা বিভাগৰ শৈক্ষিক দিনপঞ্জী অনুসৰি আজি জিলাখনৰ প্ৰায়বোৰ বিদ্যালয়ত বিদ্যালয় কৃতইপক্ষই বিদ্যালয় খন বেলুন সুন্দৰভাৱে সজাই পৰাই তোলে
অসম চৰকাৰ শৈক্ষিক দিনপঞ্জী অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাটো মাজুলী শিক্ষা খণ্ডৰ অধীনৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ আজিৰে পৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হৈছে। সেই অনুসৰি শিক্ষা বিভাগৰ শৈক্ষিক দিনপঞ্জী অনুসৰি আজি জিলাখনৰ প্ৰায়বোৰ বিদ্যালয়ত বিদ্যালয় কৃতইপক্ষই বিদ্যালয় খন বেলুন সুন্দৰভাৱে সজাই পৰাই তোলে।
কিছুমান বিদ্যালয়ত নৱাগত সকলক বিদ্যালয়ৰ জপনা মুখৰ পৰা বন্তি প্ৰজলন কৰি ধূপ প্ৰদীপ প্ৰজলন কৰি আদৰি আনি শ্ৰেণী কোঠাত বহুৱাই এক আনন্দ মুখৰ পৰিবেশ সৃষ্টি কৰে। প্ৰায়সমূহ বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট, পিতৃ-মাতৃ আৰু অভিভাৱকসকলৰ সমবেত কৰোৱাই চৰকাৰৰ শিক্ষা বিভাগৰ উৎসৱ শিক্ষাৰম্ভ অনুষ্ঠান সন্দৰ্ভত সমবেত সকলক দিনটোৰ তাৎপৰ্য ব্যাখ্যা দাঙি ধৰে।
আজি জিলাখনৰ গড়মূৰ, কমলাবাৰী, বালিচাপৰি, নামনি মাজুলী, মধ্যমজুলী আদি অঞ্চলৰ শিক্ষনুষ্ঠান সমূহকে প্ৰমুখ্যে কৰি মাজুলীৰ বিভিন্ন বিদ্যালয়ত উক্ত অনুষ্ঠানতে বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ শিক্ষা অভিযান মিচন অসমৰ দ্বাৰা যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি আৰু ঐক্য পোছাক বিতৰণ কৰি অনুষ্ঠানিক ভাবে উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী ৰূপায়ন কৰে।
তাৰ বিপৰীতে একাংশ বিদ্যালয়ে দুই এজন ছাত্র ছাত্ৰীৰ অভিভাৱক লৈ এই পাঠ্য পুথি বিতৰণ কৰে যদিও বুজন সংখ্যক অভিভাৱকৰ উপস্থিতি পৰিলক্ষিত নহল। কিছুমান বিদ্যালয়ত অৰ্থৰ অভাৱৰ গাইনা লৈ এই উৎসৱ কেৱল ছাত্র ছাত্ৰী আৰু শিক্ষকৰ মাজত সীমাবদ্ধ ৰখাৰ বাবে সচেতন মহলে সমালোচনা কৰিছে।
বিশেষ বাৰ্তা, মাজুলী, ১ এপ্ৰিল