বজালী উচ্চতৰ মাধ্যমিকত হেতা-ওপৰা… কিন্তু কিয়?
শিক্ষানুষ্ঠানখনৰ অভিজ্ঞ শিক্ষগুৰু আৰু পৰ্যাপ্ত আন্তঃগাঠনিৰ সুবিধাই আকৰ্ষণ বৃদ্ধি কৰিছে শিক্ষাৰ্থীক৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত সা সুবিধা, বিজ্ঞান আৰু কলা শাখাত বহুতো অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ সমাহাৰে বিদ্যালয়খনৰ প্ৰতি নৱাগত ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে৷
যোৱা জানুৱাৰী মাহত গৌৰৱোজ্বল শতবৰ্ষ উদযাপন কৰা বজালীৰ শৈক্ষিক দিশত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহন কৰি অহা পাঠশালাৰ ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দেখা গ’ল এক ব্যতিক্ৰমী পৰিৱেশ৷
১৯২৬ চনত স্থাপিত শতবৰ্ষীয় বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে দেখা গ’ল অন্য এক পৰিৱেশ৷ বজালীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ পৰা বছৰেকীয়া পৰীক্ষাত উত্তৰ্ণ হৈ চৰকাৰী খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰে পৰা পঞ্চম, ষষ্ঠ আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে লগোৱা হেতা -ওপৰা পৰিৱেশে চৰকাৰী খণ্ডৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷
উল্লেখ্য যে বজালী তথা ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশেষকৈ ষষ্ঠ আৰু নৱম শ্ৰেণীত নাম ভৰ্তি বাবে আজি পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ এক দীঘলীয়া শাৰী পৰিলক্ষিত হয়৷
যি সময়ত ব্যক্তগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰি অহা পৰিলক্ষিত হয়, সেই সময়তে চকৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে এনেকৈ হেতা ওপৰা লগোৱা পৰিৱেশে বিদ্যয়তনিক দিশত পৰিৱৰ্তনৰ সুচনা হোৱা বুলি আলোচিত হৈছে বৌদ্ধিক মহলত৷
আজি কিছু বছৰ আগলৈকে চৰকাৰী বিদ্যালয়সমুহত ছাত্ৰ-ছাত্ৰী নাম ভৰ্তি আছিল অতি সেৰেঙা৷ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে কাকুতি মিনতি কৰিবলগীয়া হৈছিল বিদ্যালয়সমূহৰ কতৃপক্ষই৷
আনকি পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত বহু শিক্ষানুষ্ঠান একত্ৰিকৰণ পৰ্যন্ত কৰিবলগীয়া হৈছিল৷ বিশেষকৈ অসমৰ শিক্ষানগৰী হিচাপে পৰিচিত পাঠশালাত বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমুহত বিভিন্ন ধৰণে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰি অহাৰ সময়তে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পৰিলক্ষিত হোৱা এনেকুৱা পৰিৱেশ চৰকাৰী শিক্ষাব্যৱস্থাৰ বাবে এক যোগাত্মক দিশ বুলি সচেতন নাগৰিকে অনুভৱ কৰিছে৷
শিক্ষানুষ্ঠানখনৰ অভিজ্ঞ শিক্ষগুৰু আৰু পৰ্যাপ্ত আন্তঃগাঠনিৰ সুবিধাই আকৰ্ষণ বৃদ্ধি কৰিছে শিক্ষাৰ্থীক৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত সা সুবিধা, বিজ্ঞান আৰু কলা শাখাত বহুতো অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ সমাহাৰে বিদ্যালয়খনৰ প্ৰতি নৱাগত ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে৷
তেওঁ কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী খণ্ডৰ একাংশ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা খবৰ লাভ কৰাৰ বিপৰীতে বিগত কিছু বছৰৰ পৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ্যাপ্ত আসন পৰিপূৰ্ণ হোৱাৰ পিছত বহু শিক্ষাৰ্থী নামভৰ্তি কৰিবলৈ নাপাই উভতি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা বিষয়টোৱে অসমৰ শিক্ষাখণ্ডৰ বাবে এক ধনাত্মক দিশৰ সুচনা কৰিছে৷
আনহাতে বিদ্যালয়খনত নতুকৈ নিৰ্মাণ হোৱা কেইবামহলীয়া আট্টালিকাটোৱেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
নিয়মীয়া বাৰ্তা, পাঠশালা, ১ এপ্ৰিল