🔹 চিকিৎসালয়ত দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়াৰ ককর্থনা
বিশেষ বার্তা, ১৭ জুলাই : ডিমৌ আদর্শ চিকিৎসালয়ৰ সংজ্ঞাহাৰক চিকিৎসক তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত সর্প বিশেষজ্ঞ হিচাপে খ্যাতি অর্জন কৰা ডাঃ সুৰজিৎ গিৰিক শিৱসাগৰ জিলাৰ এগৰাকী দণ্ডাধীশে অপমানসূচক মন্তব্য কৰাত মানসিকভাৱে ভাগি পৰি চাকৰিৰ পৰা অব্যাহতি বিচাৰি ঊর্ধ্বতন কর্তৃপক্ষক লিখিত আবেদন দাখিল কৰাৰ পিছতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
এক সূত্রৰ পৰা জানিব পৰা অনুসৰি ডিমৌ আদর্শ আৰু সামূহিক চিকিৎসালয়ৰ ডিউটী ৰ’ষ্টাৰ বিষয়ক লৈ যোৱা ১১ জুলাইত শিৱসাগৰ জিলাৰ এগৰাকী দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়াই ডিমৌ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ত এগৰাকী মহিলাক অষ্ট্রোপচাৰ কৰি থকাৰ সময়তে ডাঃ সুৰজিৎ গিৰিক তাৎক্ষণিকভাৱে মাতি আনি নৈশ দায়িত্ব কিয় নকৰে বুলি জবাবদিহি কৰে৷ দণ্ডাধীশগৰাকীয়ে অপমানসূচক ভাব–ভংগীৰে প্রশ্ণ কৰাত অতি নম্র স্বভাৱৰ চিকিৎসকগৰাকীয়ে গভীৰভাৱে অপমানবোধ কৰে৷ যাৰ ফলত অতি নিষ্ঠা আৰু সততাৰে ডিমৌ আদর্শ চিকিৎসালয়ত কর্ম সম্পাদন কৰাৰ উপৰি সর্প দংশনত প্রায় তিনি হাজাৰৰো অধিক লোকক মৃত্যুমুখৰ পৰা ওভতাই অনা ডাঃ সুৰজিৎ গিৰি মানসিকভাৱে ভাগি পৰে আৰু সেই দিনাই চাকৰিৰ পৰা অব্যাহতি বিচাৰি বিভাগীয় ঊর্ধ্বতন কর্তৃপক্ষলৈ পত্র প্রেৰণ কৰে৷
ইফালে, ডাঃ গিৰিয়ে চাকৰিৰ পৰা অব্যাহতি বিচাৰি ঊর্ধ্বতন কর্তৃপক্ষলৈ পত্র প্রেৰণ কৰাৰ কথা ডিমৌৰ একাংশ লোকে জানিব পাৰি সামাজিক মাধ্যমযোগে বিভিন্ন প্রতিক্রিয়া প্রকাশ কৰি ডাঃ গিৰিক অব্যাহত পত্র উঠাই ল’বলৈ আহ্বান জনায়৷ উল্লেখ্য যে ডাঃ সুৰিজিৎ গিৰিৰ তৎপৰতাত অসমৰ ভিন্ন স্থানত সর্প দংশনত আক্রান্ত হোৱা ৰোগীক চিকিৎসা প্রদান কৰি মৃত্যুমুখৰ পৰা ওভতাই আনিবলৈ সক্ষম হৈছে৷ তদুপৰি ডাঃ সুৰজিৎ গিৰিয়ে ডিমৌ আদর্শ চিকিৎসালয়ক আন্তঃৰাষ্ট্রীয় পর্যায়ত চিনাকি কৰি দিবলৈ সক্ষম হৈছে৷ সর্প দংশনৰ বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিয়ে সর্প দংশনত আক্রান্ত ৰোগীক জীৱন দি আন্তঃৰাষ্ট্রীয় পর্যায়ত বঁটা লাভ কৰিছিল৷
ইফালে, কালি চিকিৎসক সুৰজিৎ গিৰিয়ে চাকৰিৰ পৰা অব্যাহতি লোৱা সন্দর্ভত বিধায়ক সুশান্ত বৰগোহাঁয়ে ডাঃ সুৰজিৎ গিৰিক সমগ্র ডিমৌবাসী ৰাইজৰ সেৱাৰ স্বার্থত অব্যাহতি পত্র উঠাই লৈ পুনৰ কর্মত যোগদান কৰি ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷