নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপোনৰ পৰা বাস্তৱলৈ  : অসমত জলজীৱন মিছনৰ সফল যাত্রা

🔹 জয়ন্ত মল্ল বৰুৱা
পানী হৈছে সুখ, শক্তি, স্বাস্থ্য আৰু ধর্মপৰায়ণতাৰ উৎস আৰু মাতৃৰ দৰেই জীৱনদায়িনী৷
–ঋগ্বেদ
মাতৃয়ে যিদৰে জীৱন দিয়ে, ঠিক সেইদৰে পানীও জীৱনদায়িনী৷ সেয়ে পানীক আমাৰ ধর্মশাস্ত্রসমূহে মাতৃ বুলি অভিহিত কৰিছে৷ কল্পনা কৰকচোন, পানী অবিহনে এই ধৰণীখনৰ কি হ’ব৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী হিচাপে মই ৰাজ্যখনৰ গ্রাম্য সমাজক সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ সুযোগ লাভ কৰি অতিশয় সৌভাগ্যৱান অনুভৱ কৰি আহিছোঁ৷ ভাৰত চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছন (জেজেএম)ৰ জৰিয়তে আজি সমগ্র অসমৰ গ্রামাঞ্চলত বিশুদ্ধ আৰু নিৰাপদ খোৱাপানী যোগান ধৰা হৈছে৷
আজি অসমে ৰাজ্যখনৰ ৭৫ শতাংশ গ্রাম্য পৰিয়ালক কার্যক্ষম ঘৰুৱা টেপ সংযোগ (এফ এইচ টি চি)ৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰিছে৷ এয়া আমাৰ সকলোৰে বাবে এক গৌৰৱৰ বিষয়৷ আজি কেৰালা, পশ্চিমবংগ, কর্ণাটক, ৰাজস্থান আৰু মধ্যপ্রদেশৰ দৰে বৃহৎ ৰাজ্যসমূহক চেৰ পেলাই এফ এইচ টি চি সংযোগৰ ক্ষেত্রত ৰাষ্ট্রীয় গড়ৰ অনুপাতত উপনীত হ’বলৈ সক্ষম হৈছে অসম৷
আমাৰ মাননীয় প্রধানমন্ত্রী শ্রীযুত নৰেন্দ্র মোদী ডাঙৰীয়াই ২০১৯ চনৰ ১৫ আগষ্ট তাৰিখে যেতিয়া এই সপোন সপোন যেন লগা অভিযানটোৰ আৰম্ভণি কৰিছিল, তেতিয়ালৈকে আমাৰ ৰাজ্যৰ মাত্র ১.৬ শতাংশ গ্রাম্য পৰিয়ালক কার্যক্ষম টেপ সংযোগেৰে পানী যোগান ধৰা হৈছিল৷ স্বাধীনতাৰ ৭০ বছৰ পাছতো অসমৰ লগতে দেশৰ বাকী অংশৰ গ্রাম্য পৰিয়ালসমূহে খোৱাপানীৰ মৌলিক সুবিধাকণৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছিল৷ কিন্তু মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই লালকিল্লাৰ পৰা জনোৱা সেই আহ্বানৰ কথা আজিও মনত পৰে, য’ত তেওঁ কৈছিল, ‘… অহা পাঁচ বছৰত আমি যোৱা ৭০ বছৰত কৰা কামৰ চাৰিগুণ কাম কৰিব লাগিব…’৷ কিন্তু অসমৰ বাবে ইয়াৰ অর্থ আছিল এই যে আমাৰ সংযোগৰ অভাৱৰ প্রতি লক্ষ্য ৰাখি আমি প্রায় ৫০ গুণ অধিক কাম কৰিব লাগিব৷ আমাৰ প্রত্যাহ্বান আছিল সেইখিনি সময়ত খোৱাপানীৰ সুবিধা লাভ কৰা মাত্র ১ লাখ গ্রাম্য পৰিয়ালৰ তুলনাত ৭০ লাখ গ্রাম্য পৰিয়ালক নল সংযোগ প্রদান কৰা৷ এই কৃতিত্ব অর্জনৰ ক্ষেত্রত কেন্দ্রীয় জল শক্তিমন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে আগবঢ়োৱা সমর্থন সঁচাকৈয়ে প্রশংসনীয়৷ তেওঁৰ ব্যক্তিগত নির্দেশনাই এই অভিযানটো ৰূপায়ণৰ ক্ষেত্রত থকা বাধাসমূহ অতিক্রম কৰাত ৰাজ্যখনক যথেষ্ট সহায় কৰিছে৷
সমগ্র বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড–১৯ মহামাৰীয়ে আমাৰ লক্ষ্যক অধিক কঠিন আৰু প্রত্যাহ্বানমূলক কৰি তুলিছিল সঁচা, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ ব্যতিক্রমী দৃষ্টিভংগী আৰু সবল নেতৃত্বৰ বাবেই আমি অসমৰ ৫৩ লাখৰো অধিক গ্রাম্য পৰিয়ালক জলজীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সৈতে সংযোজিত কৰাৰ বৃহৎ সফলতা লাভ কৰিব পাৰিছোঁ৷ কোভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত দুর্ভাগ্যজনকভাৱে আমাৰ কামৰ গতি মন্থৰ হৈ পৰাৰ ফলত পৰৱর্তী সময়ছোৱাত আমি আমাৰ বহু কার্যকলাপ আগতকৈ বহু বেছি ক্ষিপ্রতাৰে কৰিবলগীয়া হৈছে৷ এনে কাৰণত সঁচা অর্থত কিছু সৰু সৰু তদাৰকী বা কার্যকৰী সমস্যাৰ সৃষ্টি হোৱাটোও অসম্ভৱ নহয়৷ আমি আশা কৰোঁ, আমি সকলোৱে গঠনমূলক সমালোচনাৰে কামৰ সংশোধন আৰু মসৃণ পৰিচালনা নিশ্চিত কৰি প্রত্যেক ঘৰ পৰিয়ালক পানী যোগান ধৰাৰ ঈপ্সিত লক্ষ্যত উপনীত কৰাত সহায়ৰ হাত আগবঢ়াব৷
জলজীৱন মিছন হৈছে দেশৰ প্রতিখন ঘৰতে বিশুদ্ধ খোৱাপানী উপলব্ধ কৰাৰ দিশত আমাৰ দায়বদ্ধতা আৰু নিষ্ঠাৰ প্রতিফলন৷ আমাৰ সমাজখনক এক উন্নত আৰু সুস্থ ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ প্রতি থকা আমাৰ সংকল্পই এই অভিযানত ইন্ধন যোগাই আহিছে৷ আজি আমি এই পৰিৱর্তনশীল যাত্রাৰ চাৰে চাৰি বছৰ সম্পূর্ণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছোঁ, এয়া আমাৰ বাবে এটি বৃহৎ উপলব্ধি৷
আমাৰ এই যাত্রাত বহু প্রত্যাহ্বানৰো মুখামুখি হ’বলগীয়া হৈছে, যিয়ে বাৰে বাৰে আমাক দৃঢ় কৰাত অৰিহণা যোগাইছে৷ আন বহু ৰাজ্যৰ দৰে অসমো জলসম্পদৰ ক্ষেত্রত অতি চহকী, তথাপি বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰাটো আমাৰ প্রধান প্রত্যাহ্বান হৈ আহিছে৷ আর্ছেনিক, ফ্ল’ৰাইড আৰু আইৰনৰ দৰে ৰাসায়নিক পদার্থই আমাৰ ভূগর্ভস্থ পানীৰ গুণাগুণৰ প্রতি যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে৷ ইয়াৰ উপৰি ৰোগ সৃষ্টিকাৰী জীৱাণুৰ ফলত ডায়েৰিয়াৰ দৰে ৰোগৰ প্রাদুর্ভাৱ ঘটিছে আৰু আনকি মৃত্যু পর্যন্ত হৈছে৷ এনে বহু বাধাৰ মাজতো প্রসাৰতা বৃদ্ধি আৰু গুণাগুণ উন্নত কৰাৰ বাবে আমি প্রতি মুহূর্তে আমাৰ প্রচেষ্টাৰ ত্ৰুটি কৰা নাই৷ অদম্য অধ্যৱসায় আৰু দৃঢ়তাৰে আমি প্রতিঘৰ পৰিয়ালক বিশুদ্ধ পোনী যোগান ধৰাৰ চেষ্টা কৰি আছোঁ৷ প্রতি বছৰে অধিকসংখ্যক গ্রাম্য পৰিয়ালক নল সংযোগ প্রদানৰ বাবে আমাৰ চৰকাৰৰ প্রচেষ্টাও এতিয়া বাস্তৱায়িত হৈ পৰিছে আৰু আজি আমি এশ শতাংশ সফলতা লাভ কৰাৰ পৰা মাত্র কেইগজমানহে দূৰত আছোঁ৷
কিন্তু বিশুদ্ধ আৰু নিৰাপদ খোৱাপানীৰ দীর্ঘম্যাদী তথা নির্ভৰযোগ্যতা নিশ্চিত কৰাৰ লগতে আমাৰ পানী যোগানৰ আন্তঃগাঁথনি কার্যক্ষম কৰি ৰখাটো দীঘলীয়া সময়ৰ বাবে এক গুৰুত্বপূর্ণ প্রত্যাহ্বান৷ আমি ইয়াক নিশ্চিত কৰিবলৈ সমাজভিত্তিক সংস্থা গঠন আৰু পৰিচালনাৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছোঁ৷ প্রতিখন গাঁৱত পানী ব্যৱহাৰকাৰী সমিতি গঠনৰ প্রচেষ্টা অথবা আঁচনিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ নির্দেশনাৰ বাবে আত্মসহায়ক গোট আৰু সামূহিক পর্যায়ৰ সংগঠন অন্তর্ভুক্ত কৰা অথবা জলজীৱন মিছন আৰু অন্যান্য জল সম্পর্কীয় বিষয়সমূহৰ ওপৰত গণ সজাগতা অভিযান আৰম্ভ কৰিছোঁ৷ আকর্ষণীয় গীত–মাত, পুতলা নাচ, বাটৰ নাট, ইউটিউব শ্বর্ট আৰু ইনষ্টাগ্রাম ৰীল ভিডিঅ’ নির্মাণ প্রতিযোগিতাই ইতিবাচক প্রভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ এই সকলোবোৰ পদক্ষেপৰ সৈতে সন্মিলিতভাৱে আমি সমাজত প্রতি ঘৰে ঘৰে কার্যক্ষম ঘৰুৱা টেপ সংযোগৰ মালিকীস্বত্বৰ ভাবনা শক্তিশালী কৰিছোঁ৷
অসমত জলজীৱন মিছনৰ সফলতা নির্ভৰ কৰে পৰিচালনাৰ দায়িত্ব তৃণমূল পর্যায়লৈ বিকেন্দ্রীকৰণৰ ওপৰত৷ আমাৰ লক্ষ্য হৈছে সামূহিক মালিকীস্বত্বৰ প্রবল ভাবনাক প্রাধান্য দি অসমৰ জনসাধাৰণৰ দ্বাৰা আৰু অসমৰ জনসাধাৰণৰ বাবে বিশুদ্ধ খোৱাপানীৰ অবিৰত ব্যৱস্থা নিশ্চিত কৰা৷ প্রশিক্ষিত জলমিত্রসকলে এতিয়া সমাজলৈ সেৱা প্রদানৰ ক্ষেত্রত নেতৃত্বৰ ভূমিকা গ্রহণ কৰিছে৷ জলমিত্রসকলেই এই আঁচনিসমূহৰ মূল চালিকা শক্তি৷
ইয়াৰ উপৰি আমাৰ চৰকাৰে এক শক্তিশালী নিৰীক্ষণ আৰু তদাৰকী কাঠামোৰ জৰিয়তে পানীৰ গুণাগুণৰ কঠোৰ মান ৰক্ষা কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে৷ প্রতিখন গাঁৱতে প্রশিক্ষিত আৰু প্রতিষ্ঠিত মহিলা গোটসমূহে পানীৰ গুণাগুণ সর্বোত্তম স্তৰত থকাটো নিশ্চিত কৰিবলৈ সামূহিক পর্যায়ৰ পৰীক্ষা কৰে৷
দক্ষতা বৃদ্ধি আৰু কাম–কাজ সুশৃংখলিত কৰিবলৈ অসমত জলজীৱন মিছনে ‘ডিজিটাইজেচন’ক কেন্দ্রীয় নীতি হিচাপে গ্রহণ কৰিছে, যাৰ উদাহৰণ হৈছে অভিনৱ জল কোষৰ পদক্ষেপ৷ এই পদক্ষেপে আঁচনিখনৰ বিষয়ে তথ্য সহজে লাভ কৰাত সহায় কৰে আৰু প্রতিটো আঁচনিৰ চৌহদত স্থাপন কৰা কিউ আৰ ক’ড স্কেন কৰি অভিযোগ উত্থাপনৰ সুবিধা দিয়ে৷ তদুপৰি ৰাজ্যখনে ‘জলদূত’ নামৰ এক অনন্য কার্যসূচী আৰম্ভ কৰিছে, য’ত অষ্টম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিছে৷ এই যুৱ নেতাসকলক পানী সম্পর্কীয় বিভিন্ন বিষয়ত শিক্ষা প্রদান কৰা হৈছে, পানী যোগান আঁচনিৰ মূল্যায়ন আৰু পানীৰ গুণাগুণ নিৰীক্ষণত সক্রিয়ভাৱে অংশগ্রহণ কৰোৱা হৈছে৷ এই পদক্ষেপৰ লক্ষ্য হৈছে জলসম্পদৰ প্রতি মালিকীস্বত্ব আৰু দায়িত্ববোধৰ ভাব জগাই তোলা তথা জল সুৰক্ষাৰ বাবে উঠি অহা প্রজন্মক সাজু কৰি আগবঢ়াই লৈ যোৱা৷ যিহেতু অনাগত দিনত পানীৰ অভাৱে পৃথিৱীৰ বৃহত্তৰ সমস্যা হিচাপে থিয় দিব৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী নেতৃত্বত অসমে ভাৰতৰ শীর্ষ পাঁচখন ৰাজ্যৰ ভিতৰত নিজৰ স্থান নিশ্চিত কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈছে৷ আমাৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত ঘৰুৱা নল সংযোগৰ সম্পূর্ণ পৰিপূৰকতা লাভ কৰা৷ এই অভিলাষী লক্ষ্যত উপনীত হ’বলৈ আমি আঁচনি পৰিচালনাৰ কার্যক্ষমতা বৃদ্ধিৰ বাবে আই অ’ টি (IOT)  প্রযুক্তিসমূহৰ সংহতিৰ কথা বিবেচনা কৰিছোঁ৷ ইয়াৰ উপৰি শিশু আৰু যুৱ সমাজক পানী, অনাময় তথা পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ বিষয়ে শিক্ষিত আৰু নিয়োজিত কৰাৰ লক্ষ্যৰে এটা অগ্রণী ডব্লিউএএছএইচ(WASH) কেন্দ্র স্থাপনৰ পৰিকল্পনা চলি আছে৷ তদুপৰি ৰাজ্যজুৰি জনসেৱা প্রদানৰ নিৰীক্ষণ আৰু উন্নতিৰ বাবে এটা অত্যাধুনিক নির্দেশনা কেন্দ্র স্থাপন কৰা হ’ব৷ এই পদক্ষেপসমূহে মাননীয় মুখ্যমন্ত্রী ড০ শর্মাৰ গতিশীল নেতৃত্বত প্রগতি আৰু উৎকর্ষতাৰ প্রতি আমাৰ অটল সমর্পণ প্রতিফলিত কৰে৷
সামৰণিত এই কথাই ক’ব বিচাৰিছোঁ যে অসংখ্য প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ পাছতো অসমৰ প্রতিটো গ্রাম্য পৰিয়ালৰ বাবে বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰাৰ ক্ষেত্রত আমাৰ সংকল্প অদম্য৷ বিভিন্ন অংশীদাৰৰ প্রচেষ্টা অবিহনে এই কৃতিত্ব অর্জন কৰাটো আমাৰ বাবে সম্ভৱ নহ’লহেঁতেন৷ বিভাগৰ শীর্ষতম বিষয়াৰ পৰা কনিষ্ঠতম বিষয়ালৈকে, ক্ষেত্র অভিযন্তা, ঠিকাদাৰ, ডিপিআৰ সংস্থা, তৃতীয় পক্ষৰ পৰিদর্শন সংস্থাৰ লগতে এই ক্ষেত্রখনত জড়িত সকলো অংশীদাৰে আমাৰ এই সপোনৰ যাত্রাক বাস্তৱলৈ পৰিণত কৰিছে৷ তদুপৰি, আমাৰ অভিযানৰ সফলতাৰ বাবে জনসাধাৰণৰ সক্রিয় অংশগ্রহণ অতি গুৰুত্বপূর্ণ আৰু আমি সমগ্র অসমীয়া সমাজক এই উদাৰ প্রচেষ্টাত আমাৰ সৈতে একত্রিত হ’বলৈ আহ্বান জনাইছোঁ৷ আমি সন্মিলিতভাৱেহে জীৱনক ঊৰ্ধ্বগামী কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ পথ প্রশস্ত কৰাৰ সামূহিক শক্তিৰ অধিকাৰী হ’ব পাৰিম৷
এই পৰিৱর্তনৰ পথত আগবাঢ়ি যোৱাৰ সময়ত আহক আমি অথর্ববেদৰ সেই অমূল্য প্রজ্ঞাসমৃদ্ধ বাক্যশাৰী মনত পেলাওঁ : ‘আপহ সর্ব লোকেশু’, অর্থাৎ ‘পানী সকলো জগতৰ উৎস৷’ আহক, আমি একত্রিত হৈ সংহতিৰে হাত মিলাই পানী সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰোঁ, এয়াই সকলো সত্তা আৰু পৰিৱেশ তন্ত্রক সংযোগ কৰাৰ অপৰিহার্য উপাদান৷ এই সামূহিক প্রচেষ্টাই হৈছে আমাৰ নিজৰ আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে এক সুস্থ ভৱিষ্যৎ গঢ়ি তোলাৰ সোণোৱালী বাট৷
মন্ত্রী, পর্যটন, জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগ

 

You might also like