নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হাজৰিকাৰ আত্মজীৱনীমূলক গ্রন্থৰ অসমীয়া–২১ ভাষাৰ সংস্কৰণ উন্মোচন

🔹 সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ৰূপৰ স্মাৰক মুদ্রা মুকলি মোদীৰ

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ সৈতে সংগতি ৰাখি  খানাপাৰাত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠৰ চিত্রসম্বলিত ১০০ টকীয়া ৰূপৰ বিশেষ স্মাৰক মুদ্রা উন্মোচন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ প্রস্তাৱমর্মে কেন্দ্রীয় চৰকাৰে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত এই বিশেষ মুদ্রা প্রস্তুত কৰাৰ সিদ্ধান্ত লৈছিল৷ সেইমর্মে ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা বিশেষ এই মুদ্রাটো আনুষ্ঠানিকভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰে৷ উল্লেখ্য যে ২০২৪ চনত কেন্দ্রীয় চৰকাৰে প্রসিদ্ধ শিল্পী মহম্মদ ৰফিৰ জন্ম শতবর্ষত মুকলি কৰিছিল এক বিশেষ স্মাৰক মুদ্রা৷ তাৰ পিছতে কালি প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত ৰূপৰ এই বিশেষ স্মাৰক মুদ্রাটো মুকলি কৰে৷

মন কৰিবলগীয়া যে সুধাকণ্ঠৰ জন্ম শতবর্ষ উপলক্ষে মুকলি কৰা এই মুদ্রাৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী আৰু প্রখ্যাত শিল্পী মহম্মদ ৰফিৰ পাছতে দেশৰ দ্বিতীয়গৰাকী শিল্পী হিচাপে স্মাৰক মুদ্রাত স্থান লাভ কৰা শিল্পীৰূপে পৰিগণিত হৈছে অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা৷

তদুপৰি এই অনুষ্ঠানটোতে সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰীয়ে লিখা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনীমূলক গ্রন্থ ‘ভাৰতৰত্ন ভূপেন হাজৰিকা, গীতৰ চিত্রকৰ, সুৰৰ ভাস্কৰ’ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উন্মোচন কৰে৷ অসমীয়া ভাষাত লিখা সুধাকণ্ঠৰ এই গ্রন্থখন ২১টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে৷ প্রধানমন্ত্রী মোদীয়ে আনুষ্ঠানিকভাৱে মূল অসমীয়া সংস্কৰণটোৰ লগতে গ্রন্থখনৰ আন ২১টা ভাষাৰ অনূদিত সংস্কৰণকেইটাও উন্মোচন কৰে৷

You might also like