নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় দিন : ৩,৬৮৯ কোটি টকাৰে ৰিং ৰোড প্রকল্পৰ আধাৰশিলা স্থাপন

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম ভ্রমণসূচীৰ কেইবাটাও প্রকল্পৰ অংশ হিচাপে আজি আধাৰশিলা স্থাপন কৰিব গুৱাহাটী ৰিং ৰোড প্রকল্পৰ৷ অর্থনৈতিক ৰূপান্তৰৰ অন্যতম পৰিকাঠামো তথা চালিকাশক্তি হিচাপে হ’বলৈ গৈ থকা এই ১২১ কিঃমিঃ দৈর্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্রকল্পটো আৰম্ভ হ’ব ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ বাইহাটাৰ পৰা৷

ইতিমধ্যে ইয়াৰ নির্ধাৰিত ঠাইটুকুৰাত ‘ষ্টার্ট অৱ ৰিং ৰোড’ বুলি আঁৰি দিয়া হৈছে এখন ফলক৷ প্রধানমন্ত্রীগৰাকীয়ে আধাৰশিলা স্থাপনেৰে শুভাৰম্ভ কৰাৰ পাছতে ইয়াৰ পৰা প্রকল্পৰ কাম আৰম্ভ হ’ব৷ কোৱা হৈছে যে এই প্রকল্প নির্মাণ সম্পূর্ণ হৈ উঠাৰ পাছতে অঞ্চলটোৰ অর্থনৈতিক চালিকাশক্তি বৃদ্ধি পাব৷

উল্লেখ্য যে ৩,৬৮৯ কোটি টকাৰে নির্মাণ হ’বলগীয়া ১২১ কিলোমিটাৰ দৈর্ঘ্যৰ ৰিং ৰোডটো তিনি বছৰৰ ভিতৰত সম্পূর্ণ হোৱাৰ আশা কৰা হৈছে৷ এই প্রকল্পটো স্পর্শ কৰি যাব কামৰূপ জিলা, কামৰূপ মহানগৰ আৰু দৰং জিলাক৷ জানিব পৰা মতে, ৰিং ৰোডটোৰ বাবে কামৰূপ জিলাৰ ১১০ হেক্টৰ ভূমি, কামৰূপ মহানগৰৰ ১৮০ হেক্টৰ ভূমি আৰু দৰং জিলাৰ ৬০ হেক্টৰ ভূমি অধিগ্রহণৰ যি যাৱতীয় প্রক্রিয়া সেয়া চলাই থকাৰ লগতে এই প্রক্রিয়াৰ যথেষ্টখিনি কাম আগবাঢ়িছে৷ এই ৰিং ৰোড হ’ব ছয়লেনযুক্ত৷ এই গুৱাহাটী ৰিং ৰোড প্রকল্পৰ লগত ব্রহ্মপুত্রৰ ওপৰত হ’ব কুৰুৱা–নাৰেংগী সংযোগী ছয়লেনযুক্ত এখন দলং৷

অতি আশাৰ তথা যুগান্তকাৰী কথাটো হ’ল বাস্তৱিকতে এই ৰিং ৰোডটো তথা দলংখন এক সুন্দৰ পৰিৱেশৰ মাজত সম্পূর্ণ হোৱাৰ পাছত উত্তৰ–পূবৰ দূৰত্ব নিশ্চিতভাৱে বহুখিনি হ্রাস পাব আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ অর্থনৈতিক পৰিকাঠামো সলনি হ’ব বুলি ধাৰণা কৰা হৈছে৷

মন কৰিবলগীয়া যে দেওবাৰে গুৱাহাটী ৰিং ৰোড প্রকল্প কুৰুৱা–নাৰেংগী সংযোগী দলঙৰ প্রধানমন্ত্রীয়ে শুভাৰম্ভ কৰাৰ পাছতে বাইহাটাৰ পৰা অতি ক্ষিপ্রতাৰে ইয়াৰ কাম আৰম্ভ হ’ব বুলি আশা কৰা হৈছে৷ কিয়নো ইয়াৰ দায়িত্ব লাভ কৰা নির্মাণ প্রতিষ্ঠান তথা কাৰিকৰী বিভাগৰ কর্মচাৰীসকলে বাইহাটা অঞ্চলৰ ঠাইবিশেষত শিবিৰ স্থাপন কৰা পৰিলক্ষিত হৈছে৷

You might also like