নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া হ’বলৈ নিশিকা বৰাকক অসমৰ পৰা পৃথক কৰকঃ ড০ নগেন শইকীয়া

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: প্রথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াই বিস্ফোৰণ ঘটাই ক’লে– দ্বিখণ্ডিত কৰক অসমক৷ বৰাক উপত্যকাক পৃথক ৰাজ্য কৰি দিবলৈ ক’লে অসম–সমীয়া জাতিৰ হৈ মাত মাতি অহা বৰেণ্য সাহিত্যিক ড০ নগেন শইকীয়াই৷ ডিব্রুগড়ত শুকুৰবাৰে সংবাদ মেলযোগে নগেন শইকীয়াৰ আহ্বান– বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত৷ আমি সদায় বিপদসংকুল মনোভাব লৈ জীয়াই থাকিব নোৱাৰোঁ৷ ব্রহ্মপুত্র উপত্যকাৰ পৰা পৃথক কৰি দিয়ক বৰাকক৷ প্রথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াই বৰাকৰ ঘটনা সন্দর্ভত নিজ গৃহত আয়োজিত সংবাদ মেলত তীব্র ক্ষোভ প্রকাশ কৰে৷

তেওঁ কয়– আমি সংঘাত নিবিচাৰোঁ, সমন্বয় বিচাৰোঁ, হিংসা নিবিচাৰোঁ, শান্তি বিচাৰোঁ৷ মই অসমৰ আৰু বৰাকৰো জনসাধাৰণক বিষয়টো এনেভাবে গ্রহণ কৰিবলৈ আৰু চুবুৰীয়া ৰাজ্য হিচাপে শান্তিৰে থাকিবলৈ অসমৰ পৰা বৰাকক পৃথক কৰাৰ বাবে ততালিকে চৰকাৰক দাবী জনাবলৈ অনুৰোধ জনাওঁ বুলি মন্তব্য কৰে তেওঁ৷ বৰাকত অসম আৰু অসমীয়াবিদ্বেষী মনোভাব ক্রমাৎ বৃদ্ধি পোৱালৈ চাই আনকি এনে বৃদ্ধিত বিজেপিৰ কর্মীও যুক্ত থকাৰ বাতৰি পঢ়ি আৰু শুনি অনিচ্ছা সত্ত্বেও মনলৈ এই ভাব কঢ়িয়াই আনিছে বুলি কৈ বৰাক উপত্যকাক পৃথক ৰাজ্যৰ মর্যাদা দিয়াৰ ব্যৱস্থাইহে এনে সংঘাতৰ ওৰ পেলোৱা সম্ভৱ হ’ব বুলি কয়৷ পূর্বে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি হিতেশ ডেকাই এবাৰ ‘কাছাৰ অসমৰ বাবে কেঞ্চাৰস্বৰূপ’ বুলি কৈছিল বুলি কোৱাৰ উপৰি সাহিত্য সভাৰ আন এগৰাকী প্রাক্তন সভাপতি ড০ মহেন্দ্র বৰায়ো কাছাৰক পৃথক কৰাৰ প্রয়োজন আছে বুলি ভাবিছিল বুলি উল্লেখ কৰি নগেন শইকীয়াই সেই সময়ত এই কথাৰ বৰকৈ সমর্থন কৰা নাছিল যদিও বর্তমান ইয়াৰ বিপৰীত স্থিতিত বুলি কয় সাহিত্যিকগৰাকীয়ে৷ শৰীৰৰ অংশ এটা ৰোগগ্রস্ত হ’লে তাক কাটি পেলোৱাৰ পৰিৱর্তে সুস্থ কৰি তোলাতহে গুৰুত্ব দিব লাগে বুলি তেতিয়া কোৱাত ড০ মহেন্দ্র বৰাই তাৰ উত্তৰত কৈছিল– ‘ককাই–ভাইৰ মাজত দ্বন্দ্ব–সংঘাত লাগিলেও মাটি–বাৰী ভাগ কৰি বেলেগাই দিয়া হয়, সেই কথাটোও পাহৰিব নালাগে৷’ অসমৰ মানুহে এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্রয়োজন আছে বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়৷ বৰাক উপত্যকালৈ ১৯৬৬ খ্রীষ্টাব্দত অসম সাহিত্য সভাৰ হৈ কবিৰাজ হৰেশ চন্দ্র ভট্টাচার্যক সম্বর্ধনা জনাবলৈ যাওঁতে তেতিয়াৰ বৰাক উপত্যকাৰ প্রায় চৌব্বিশখন গাঁৱত অসমীয়াভাষী মানুহৰ উপস্থিতিৰ কথা গম পাইছিল বুলি নগেন শইকীয়াই উল্লেখ কৰি কয় যে তেওঁলোকক বৰাকৰ দ্বিতীয় শ্রেণীৰ নাগৰিক যেনহে লাগিছিল৷ উগ্র বাঙালী জাতীয়তাবাদীসকলে জিলা পর্যায়ত বাংলা ভাষা প্রচলিত হ’লেও অসমীয়া ভাষা যে সমগ্র ৰাজ্যখনত প্রযোজ্য, সেই কথা মানিব নোখোজাটোৱে আৰু অন্যান্য বাঙালী সজ্জনসকলেও মাত নমতা বাবে সদায় সংঘাত সৃষ্টি হোৱাতকৈ আৰু মনোবেদনা পাই থকাতকৈ বৰাকক বেলেগ ৰাজ্যৰ মর্যাদা দি এই সমস্যাৰ এটা চিৰদিনীয়া সমাধানৰ বাট উলিয়াব লাগে বুলি কয়৷ বর্তমানৰ ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰে দলীয় লাভ–লোকচানৰ দৃষ্টিৰে বিষয়টো নাচাই, অসমৰ আৰু তাৰ দ্বাৰা বৰাকৰো শান্তি–শৃংখলা ৰক্ষাৰ বাবে আৰু ভাষিক উগ্রবাদ দূৰ কৰিবৰ বাবে এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি আহ্বান জনায়৷

You might also like