নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল সীমান্তত মোতায়েন পিনাকা ৰকেট–স্মার্ছ মাল্টিপল ৰকেট লঞ্চাৰ ছিষ্টেম

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: লাডাখৰ পাছত অৰুণাচল প্রদেশৰ এল এ চিত চীনা সেনাক প্রত্যাহ্বান জনাবলৈ সাজু ভাৰতীয় সেনা৷ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ এল এ চি অতিক্রম কৰি চীনা সেনাই খালী হৈ থকা বাংকাৰ দখল কৰিবলৈ আহি ভাৰতীয় সেনাৰ প্রত্যাহ্বানত আঁতৰি যোৱাৰ পাছতেই অৰুণাচলৰ সীমান্তত উত্তেজনা অব্যাহত আছে৷

চীনৰ সেনাৰ গতিবিধি সূক্ষ্ম নিৰীক্ষণ কৰি থাকি অৰুণাচলৰ সীমান্তত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰাৰ লগতে অত্যাধুনিক যুদ্ধাস্ত্র মোতায়েন কৰা হৈছে৷ অৰুণাচলৰ ঘন কুঁৱলীৰ মাজত সেনাই কঠোৰ অনুশীলন আৰু পৰীক্ষণৰ লগতে এণ্টিটেংক স্কোৱাডে শত্রুৰ টেংক ধ্বংস কৰাৰ যুদ্ধৰ অনুশীলনৰ ভিডিঅ’ প্রচাৰ কৰাৰ পাছত এইবাৰ অৰুণাচলৰ সীমান্তত মোতায়েন কৰা হৈছে অত্যাধুনিক পিনাকা ৰকেট আৰু স্মার্ছ মাল্টিপল ৰকেট লঞ্চাৰ ছিষ্টেম (এম আৰ এল এছ)৷ চীনক ৰুধিবলৈ সীমান্তত এই শক্তিশালী অত্যাধুনিক ৰকেট ছিষ্টেম মোতায়েন কৰাৰ পূর্বে ভাৰতীয় সেনাই পিনাকা ৰকেট আৰু স্মার্ছ মাল্টিপল ৰকেট লঞ্চাৰ ছিষ্টেম (এম আৰ এল এছ) অসমত প্রদর্শন কৰে৷ প্রদর্শনৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত লেফটেনেণ্ট কর্নেল ছৰতে কয় যে ডি আৰ ডি অ’ৰ দ্বাৰা বিকশিত থলুৱা বহুমুখী ৰকেট লঞ্চাৰ ব্যৱস্থা হৈছে পিনাকা ৱেপন ছিষ্টেম৷ এই স্বয়ংক্রিয় ৰকেট ছিষ্টেমটোৱে সাগৰৰ তলৰ ৩৮ কিলোমিটাৰলৈক ভেদিব পাৰে৷ ঠিক তেনেদৰে সাগৰপৃষ্ঠৰ পৰা অধিক উচ্চতালৈও ইয়াক নিক্ষেপ কৰিব পাৰি৷ পিনাকা ৰকেট ছিষ্টেমত ৪৪ ছেকেণ্ডত ৭২টা ৰকেট নিক্ষেপ কৰিব পাৰি আৰু এই ৰকেটেৰে এহাজাৰ মিটাৰ অঞ্চলৰ ৮০০ মিটাৰ বিধ্বস্ত কৰিব পাৰি৷

আনপিনে স্মার্ছ মাল্টিপল ৰকেট লঞ্চাৰ ছিষ্টেম (এম আৰ এল এছ) ছিষ্টেম হৈছে ভাৰতীয় সেনাৰ শক্তিশালী অস্ত্র৷ এই ছিষ্টেমেৰে ৯০ কিলোমিটাৰলৈকে ৰকেট নিক্ষেপ কৰিব পাৰি৷ চাৰিটা লঞ্চাৰেৰে ৪০ ছেকেণ্ডতে ৪৮টা ৰকেট নিক্ষেপ কৰিব পাৰি৷ এই ৰকেটৰ দ্বাৰা ১,২০০ মিটাৰ অঞ্চলৰ ১,২০০ মিটাৰেই বিধ্বস্ত কৰিব পাৰি৷ মন কৰিবলগীয়া যে ভগৱান শিৱৰ ধনুৰ নামকৰণেৰে পিনাকা ৰখা হৈছে৷

You might also like