ডিজিটেল ডেস্ক, ২০ মাৰ্চ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে (২০ মাৰ্চ) আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ খানাপাৰাস্থিত ভেটেৰিনেৰী কলেজ ফিল্ডৰ পৰা এক বিশাল ৰেলী উলিয়াই কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাতৃৰ আশিস লয় ৷
মনোনয়ন দাখিল কৰাৰ পিছত তেওঁ কয়- “মই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা মোৰ মনোনয়ন দাখিল কৰিছোঁ। মই অসমৰ জনসাধাৰণক মোক আৰু আমাৰ মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক সমৰ্থন জনাবলৈ অনুৰোধ জনাইছোঁ। আমি সকলোৰে সমৰ্থন পাম বুলি আশা ৰাখিছোঁ।”
ইয়াৰ পূৰ্বে পুৱাই বিজেপিৰ হাজাৰ হাজাৰ সমৰ্থকে একত্ৰিত হৈ মুখ্যমন্ত্ৰীৰ সৈতে ৰেলীত অংশগ্ৰহণ কৰে। পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু হাজাৰ হাজাৰ বিজেপি কৰ্মী-সমৰ্থকৰ সৈতে এখন খোলা গাড়ীৰ ওপৰত থিয় হৈ ড০ শৰ্মাই জনসাধাৰণক বিপুল সঁহাৰিৰ বাবে ধন্যবাদ জনায়।
ইতিমধ্যে বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ বাবে ৮৮খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু জালুকবাৰী সমষ্টিৰ পৰা ড০ শৰ্মাক পুনৰ মনোনীত কৰিছে। উল্লেখ্য যে অসমত নিৰ্বাচন একেটা পৰ্যায়ত ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ফলাফল ৪ মে’ত ঘোষণা কৰা হ’ব।