ডিজিটেল ডেস্ক, মানকাচৰ, ১৮ এপ্ৰিল : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলাই শুকুৰবাৰে ৯জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত চলোৱা এই অভিযানে জুৱাৰী চক্ৰৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰে।
এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষীৰ এটা দলে থানাখনৰ অন্তৰ্গত চাৰিটা ভিন্ন স্থানত আকস্মিক অভিযান চলায়। লক্ষণীয় যে জোৰডাংগা প্ৰথম খণ্ড, জোৰডাংগা বৰ্মনপাৰা, বৈৰাগীপাৰা আৰু ওখৰাবাৰী গাঁৱৰ পৰা আৰক্ষীৰ এই অভিযানত আটক হোৱা লোকসকল ক্ৰমে মাহাবুল হক, শাহাবুল্লা, ইতাজুল হক, সুকু দাস, গুলজাৰ হোচেন, ৰাজীন মিঞা আৰু শেলিম মিঞা।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত আটাইকেইটা জুৱাৰীক শনিবাৰে দুপৰীয়া প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হাটশিঙিমাৰী ন্যায়িক আদালতলৈ প্ৰেৰণ কৰা হয়। এলেকাটোত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ এই কঠোৰ অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে।