নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জৰ নীলাম বজাৰত বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ

বাৰ্তা ডিজিটেল ডেস্ক, ৯ জানুৱাৰীঃ আজি বিয়লি অসম আৰক্ষীৰ ডিআইজি ড০ পাৰ্থসাৰথি মহন্ত আৰু এছ পি পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত এছ টি এফ আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযানত কৰিমগঞ্জৰ নীলাম বজাৰ থানাৰ অন্তৰ্গত সুপ্ৰকান্দিত বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। জব্দ কৰা হৈছে ৫.১ কেজি হেৰ’ইন আৰু ৬৪ হাজাৰ ইয়াবা টেবলেট। লগতে ৪ পেকেট বিদেশী চিগাৰেটো জব্দ কৰা হৈছে। মাৰুতি এছ প্ৰেছ’ বাহনখন এখনেৰে নিয়া হৈছিল ড্ৰাগছখিনি। গাড়ীখনৰ নম্বৰ MZ 06 A 1422। ড্ৰাগছ সৰবৰাহৰ অপৰাধত কৰিমগঞ্জৰ পাথাৰকান্দিৰ নুৰ আহমেদ (চালক), জোছাংলিয়ানী, ৰামংঘেকা আৰু লালচামলিয়ানাক আটক কৰা হৈছে। আটকাধীন কেউজন মিজোৰামৰ থেনজলৰ বাসিন্দা। জব্দকৃত ড্ৰাগছৰ বজাৰমূল্য কমেও ১০০ কোটি টকা।

You might also like