নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গোৎসৱৰ আনন্দৰ মাজতে পথ দুর্ঘটনাত ৰাজ্যত ১০জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱৰ আনন্দ–উল্লাসৰ মাজতে ৰাজ্যৰ ভিন্ন প্রান্তত সংঘটিত হ’ল কেইবাটাও শোকাৱহ পথ দুর্ঘটনা৷ অষ্টমী, নৱমী আৰু দশমীৰ দিনটোত সংঘটিত হোৱা এই পথ দুর্ঘটনাত কেইবাজনো লোক হতাহত হৈছে৷ ৰঙিয়া, বঙাইগাঁও, হাওৰাঘাট, মৰাণ, চাবুৱা, ডিমৌ আৰু দেৰগাঁৱত সংঘটিত পথ দুর্ঘটনাত ১০জন লোক নিহত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি পথ দুর্ঘটনাত মৰাণত এজন, চাবুৱাত এজন, দেৰগাঁৱত দুজন, ৰঙিয়াত এজন, বঙাইগাঁৱত দুজন, ডিমৌত দুজন আৰু হাওৰাঘাটত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷
ৰঙিয়াত পথ দুর্ঘটনা, থিতাতে মৃত্যু এগৰাকী মহিলাৰ
বিজয়া দশমীৰ আনন্দ–উল্লাসৰ মাজতে আজি ৰঙিয়াত সংঘটিত পথ দুর্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়৷ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ উদিয়ানাত নলবাৰী অভিমুখী দ্রুতবেগী বাইকে খুন্দিওৱাত মহিলাগৰাকীৰ মৃত্যু হয়৷ মৃত মহিলাগৰাকী হ’ল উদিয়ানাৰ চলেমা বিবি (৫৫)৷ ৰাষ্ট্রীয় ঘাইপথটোত বিপৰীত দিশৰ পৰা তীব্রবেগী ড্রেক্টৰ অহাত বাইক আৰোহীজনে নিয়ন্ত্রণ হেৰুৱাই মহিলাগৰাকীক খুন্দিয়ায়৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছতে আৰোহীজনে বাইক লৈ নলবাৰী অভিমুখে পলায়ন কৰে৷ ইফালে দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছতে আৰক্ষী প্রশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰে৷ নৈৰ পৰা অবৈধভাৱে মাটি কঢ়িয়াই ভুল দিশেৰে অহা ড্রেক্টৰৰ বাবে এনেদৰে প্রায়ে দুর্ঘটনা সংঘটিত হৈ থাকে বুলি অভিযোগ কৰে৷ ইয়াৰ পাছতো আৰক্ষীয়ে ড্রেফিক আইন নমনা উদণ্ড ড্রেক্টৰ চালকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই বুলি ক্ষোভ উজাৰে৷
বঙাইগাঁৱত পথ দুর্ঘটনাত নিহত দুই যুৱক
বঙাইগাঁৱৰ খাৰিজা দোলাইগাঁৱত যোৱা ১৩ অক্টোবৰৰ নিশা সংঘটিত পথ দুর্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু হয়৷ খাৰিজা দোলাইগাঁৱত ড্রেক্টৰ আৰু বাইকৰ সংঘর্ষত মৃত্যু হয় যুৱকদ্বয়ৰ৷ মৃত যুৱকদ্বয় হ’ল ৰাতুল মুছাহাৰী আৰু নিজম বসুমতাৰী৷ ৰাতুল মুছাহাৰীৰ ঘৰ চাপাগুৰিত আৰু নিজম বসুমতাৰীৰ ঘৰ আমটেকাত৷ দুয়ো কলেজীয়া ছাত্র আছিল৷ ২৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুর্ঘটনাৰ পাছতে দুয়োকে ১০৮ সেৱাৰ বাহনেৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
হাওৰাঘাটৰ বালিগাঁৱত পথ দুর্ঘটনাত এজনৰ মৃত্যু
কার্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তর্গত হাওৰাঘাট পান ইংহি কিলিং গাঁৱত কালি নৱমীৰ নিশা প্রায় দহ বজাত মটৰচাইকেল আৰু ই–ৰিক্সাৰ সংঘর্ষত পান কুমাৰ বডো গাঁৱৰ চুমিত বডো (২৩) নামৰ মটৰচাইকেল আৰোহী যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আনহাতে ই–ৰিক্সাখনৰ চালকজন গুৰুতৰভাৱে আহত হয়৷
দেৰগাঁৱত পৃথক দুটা দুর্ঘটনাত দুজনৰ থিতাতে মৃত্যু
শাৰদীয় দুর্গোৎসৱৰ আনন্দ–উল্লাসৰ মাজতে যোৱা বুধবাৰৰ অষ্টমীৰ নিশা প্রথমটো ভয়াৱহ পথ দুর্ঘটনা দেৰগাঁৱৰ ঢ়েকীয়ালত সংঘটিত হয়৷ দেৰগাঁও–গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্র গোস্বামী পথত অচিনাক্ত তীব্রবেগী গাডীয়ে মহটিয়াই নিয়ে এজন পথচাৰীক৷ গাডীৰ খুন্দাত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাবটি লয় ব্যক্তিজনে৷ মৃত লোকজন ঢ়েকীয়াল মলীয়া গাঁৱৰ বিপুল দাস বুলি চিনাক্ত কৰা হৈছে৷ আনহাতে, একেনিশাই দ্বিতীয়টো কৰুণ ঘটনা ঘটে দেৰগাঁৱৰ দাধৰাৰ সমীপৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত৷ এই পথত এখন দ্রুতবেগী অচিনাক্ত গাডীয়ে মহটিয়াই নিয়ে দীপন কানু নামৰ এজন ৩২ বছৰীয়া যুৱকক৷ এই ঘটনাত থিতাতে নিহত হোৱা যুৱকজন এক পূজা মণ্ডপস্থলীৰ পৰা গৃহ অভিমুখে গৈ আছিল৷
নৱমীৰ নিশা মৰাণত পথ দুর্ঘটনাত যুৱকৰ মৃত্যু
শাৰদীয় দুর্গাপূজাৰ আনন্দ–উছাহৰ মাজতে নৱমীৰ নিশা মৰাণত সংঘটিত এক ভয়াৱহ পথ দুর্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই সমগ্র মৰাণ অঞ্চলত পূজাৰ আনন্দত ম্লান পেলায়৷ ঘটনাৰ বিৱৰণী অনুসৰি, ডিব্রুগড জিলাৰ মৰাণ থানাৰ অন্তর্গত তিলৈ নতুন গাঁও নিৱাসী দণ্ডীনাথ বৰুৱাৰ ২৮ বছৰীয়া পুত্র ৰুবুল বৰুৱাই এখন নম্বৰবিহীন স্কুটীৰে ম্লান নগৰৰ দিশে গৈ থাকোঁতে মৰাণৰ তিলৈনগৰ গ্রাম্য বজাৰৰ সমীপত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ডিব্রুগড অভিমুখী এই এছ–০৪ এইচ চি–৪৬৫৬ নম্বৰৰ এম্বুলেঞ্চৰ সৈতে মুখামুখি সংঘর্ষ হয়৷ সংকটজনক অৱস্থাত নিশা স্কুটী আৰোহী যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰাণ মেডিকেল চেণ্টাৰত ভর্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয়৷
চাবুৱাত পথ দুর্ঘটনাত ১ নিহত, ২ আহত
শাৰদীয় দুর্গোৎসৱৰ আনন্দ–উছাহৰ মাজতে কালি চাবুৱাত সংঘটিত দুটা পৃথক পথ দুর্ঘটনাত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলায়৷ দুর্গাপূজাৰ নৱমীৰ নিশা চাবুৱা নগৰত ভক্তপ্রাণ লোকৰ ভিৰৰ মাজতে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত মূডীপত্তিত নিশা প্রায় ৯.৩০ বজাত এখন বলেৰ’ আৰু মটৰচাইকেলৰ মুখামুখি সংঘর্ষত প্রেম বাগ নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজনক সংকটজনক অৱস্থাত চাবুৱা টাটা হাস্পতালত ভর্তি কৰায়৷ নিহত যুৱকজনৰ ঘৰ চাবুৱা চাহ বাগিচাত বুলি জানিব পৰা গৈছে৷ ইফালে একেদিনাই দিনৰ প্রায় ১১ বজাত চাবুৱা বাইপাছত সংঘটিত অন্য এটা পথ দুর্ঘটনাত এজন লোক আহত হয়৷ জানিব পৰা মতে, এখন তেল পৰিবাহী টেংকাৰ, এল্ট’ গাডী আৰু এখন মটৰচাইকেলৰ মাজত হোৱা সংঘর্ষত মটৰচাইকেলৰ আৰোহীজন গুৰুতৰভাৱে আহত হয়৷ আহতজনক চাবুৱা মডেল হাস্পতালত ভর্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে৷ দুর্ঘটনাত কেউখন গাডী চাবুৱা আৰক্ষীয়ে জব্দ কৰিছে৷
গোলাঘাটত পথ দুর্ঘটনাত এজন নিহত
শাৰদীয় দুর্গোৎসৱৰ মহা অষ্টমীৰ সন্ধিয়া গোলাঘাটৰ ঢ়েকিয়ালত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়৷ এই দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে এজন ব্যক্তি৷ মৃত লোকজন হৈছে ঢ়েকিয়াল মলিয়া গাঁৱৰ বিপুল দাস৷ ব্যক্তিজনৰ মূৰৰ ওপৰেৰে চলি যায় গাডীৰ চকা৷ মৃতদেহটো উদ্ধাৰ কৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয়৷ এই দুর্ঘটনাটো কেনেদৰে সংঘটিত হ’ল সেই বিষয়ে বর্তমানেও জানিব পৰা হোৱা নাই৷
মহাষ্টমীৰ নিশা ডিমৌত পথ দুর্ঘটনাত নিহত দুই যুৱক
মহাষ্টমীৰ সন্ধিয়া পূজাৰ আনন্দ–উল্লাসৰ মাজতেই ডিমৌৰ সমীপৰ দিহাজান কছুমাৰত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুর্ঘটনাত দুজন যুৱকৰ কৰুণ মৃত্যু হয়৷ মৰাণ আৰক্ষী থানাৰ অধীন কছুমাৰীত মৰাণৰ পৰা ৰাজমাই অভিমুখে গৈ আছিল এ এছ–০৪ এ এ–৭৬৪৪ নম্বৰৰ মটৰচাইকেলখন আৰু বিপৰীতমুখী এ এছ–০১ এইকে–৪৯৬ নম্বৰৰ ইণ্ডিকা গাড়ীখনৰ মাজত মুখামুখি সংঘর্ষ হয়৷ ফলত অতি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ পথৰ ওপৰত ঢ়লি পৰা ৰাজমাই লগুৱাবাৰীৰ সাত নং লাইনৰ নগেন পৰজাৰ পুত্র জগত পৰজা (২২) আৰু চৰণ পৰাজৰ পুত্র প্রহ্লাদ পৰজা (২৩)ক মুমূর্ষু অৱস্থাত স্থানীয় লোকৰ সহযোগত ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্রেৰণ কৰা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাত দুইজন আঘাতপ্রাপ্ত যুৱকৰ মৃতু হয়৷ এই ঘটনাই ৰাজমাই লগুৱাবাৰীৰ লগতে ডিমৌ অঞ্চলত পূজাৰ আনন্দৰ মাজতে শোকৰ ছাঁ পেলায়৷

You might also like