নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্রাম্যমাণৰ ৫৭ বছৰীয়া ইতিহাসত প্রথমবাৰলৈ থিয়েটাৰবিহীন দুর্গাপূজা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ দুর্গাপূজা উপলক্ষে মহাষষ্ঠীৰ পৰা একাদশীলৈকে থিয়েটাৰসমূহে পশ্চিম নলবাৰী অঞ্চলত বিশেষভাৱে নাট প্রদর্শন কৰি আহিছে৷ শাৰদীয় দুর্গাপূজা উপলক্ষে আমন্ত্রণ কৰি অনা ভ্রাম্যমাণ থিয়েটাৰ অবিহনে পাৰ হ’ব এইবাৰৰ দুর্গাপূজা৷

ভ্রাম্যমাণ থিয়েটাৰৰ ৫৭ বছৰীয়া নাট্য পৰিক্রমাৰ ইতিহাসত প্রথমবাৰৰ বাবে ঘটিব এনে ঘটনা৷

উল্লেখ্য যে জিলাখনৰ বেলশৰকে ধৰি পশ্চিম নলবাৰী অঞ্চলৰ দুর্গাপূজাত ৮–১০খনকৈ ভ্রাম্যমাণ থিয়েটাৰে প্রতিবছৰে নাট প্রদর্শন কৰি আহিছে৷ বিভিন্ন সংঘ, স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান–প্রতিষ্ঠানে আমন্ত্রণ কৰি আহিছে থিয়েটাৰসমূহ৷

You might also like