নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পুটনিক–ভি ১০০ ভাৰতীয়ৰ দেহত কৰিব পৰীক্ষণ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ দেশীয় ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’ৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণত অনুমতি প্রদান কৰিছে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই)৷ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ দ্বাৰা বিকশিত দেশৰ প্রথমটো ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’ৰ তৃতীয় পর্যায়ৰ পৰীক্ষণৰ অনুমতি ডি চি জি আইৰ পৰা লাভ কৰা বুলি প্রকাশ কৰিছে কোম্পানীটোৰ কার্যবাহী সঞ্চালক ছাই প্রসাদে৷

কার্যবাহী সঞ্চালক ছাই প্রসাদে প্রকাশ কৰা মতে, অহা বর্ষৰ এপ্রিল অথবা মে’ মাহত ‘ক’ভাক্সিন’ৰ অন্তর্ৱর্তীকালীন ফলাফল মুকলি হ’ব৷ এই ভেকচিন অতি কমেও ৬০ শতাংশ প্রভাৱশালী বুলিও কয় ছাই প্রসাদে৷ পৰিকল্পনা মতে, মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষণ নৱেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ হ’ব৷ ১৩–১৪খন ৰাজ্যৰ ভিতৰত ২৫–৩০টা স্থানত ২৬ হাজাৰ স্বেচ্ছাসেৱকৰ দেহত ‘ক’ভাক্সিন’ প্রয়োগ কৰা হ’ব৷

উল্লেখ্য যে ‘ক’ভাক্সিন’ৰ প্রথম পর্যায়ত ৩৭৫জনৰ দেহত প্রয়োগ কৰাৰ বিপৰীতে দ্বিতীয় পর্যায়ত ৪০০ৰ দেহত প্রয়োগ কৰা হৈছে৷ ডি চি জি আইক প্রথম পর্যায়ৰ পৰীক্ষণৰ ফলাফল দাখিল কৰাৰ লগতে বায়’টেকে দ্বিতীয় পর্যায়ৰ পৰীক্ষণৰ ফলাফলো দাখিল কৰিব৷ তাৎপর্যপূর্ণ যে ভাৰত বায়’টেকে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ) আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ সৈতে মিলিত হৈ ক’ভিড–১৯ ভেকচিন বিকশিত কৰিছে৷ ক’ভাক্সিনৰ অন্তিম পর্যায়ৰ পৰীক্ষণ সফলতাৰে সমাপ্ত হ’লেই ভাৰত বায়’টেকে বছৰি ১৫০ নিযুত ভেকচিনৰ ড’জ উৎপাদন কৰিব৷

ইপিনে, ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন স্পুটনিক ভি ভাৰতৰ ১০০ স্বেচ্ছাসেৱকৰ দেহত প্রয়োগ কৰি পৰীক্ষণ চলাব৷ ডি চি জি আয়ে স্পুটনিক ভি ভেকচিন ভাৰতত পৰীক্ষণৰ অনুমতি দিয়াৰ পাছতে ভাৰতীয় কোম্পানী ডাঃ ৰেড্ডিজ লেবৰেটৰিজে দেশত দ্বিতীয় পর্যায়ৰ পৰীক্ষণ ১০০ স্বেচ্ছাসেৱকৰ দেহত চলাব৷ ডাঃ ৰেড্ডিজ লেবৰেটৰিজৰ সূত্রত প্রকাশ পোৱা মতে, দ্বিতীয় পর্যায়ৰ পৰীক্ষণ ১০০জনৰ দেহত চলোৱাৰ পাছত তৃতীয় পর্যায়ৰ পৰীক্ষণ ১,৪০০জনৰ দেহত চলাব৷ উল্লেখ্য যে ৰাছিয়াৰ স্বাস্থ্য মন্ত্রালয়ৰ অধীনত গামালেয়া নেচনেল ৰিছার্চ চেণ্টাৰ অৱ এপিডেমি’লজী এণ্ড মাইক্র’বায়’লজী আৰু ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ (আৰ ডি আই এফ) দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন স্পুটনিক ভি বিশ্বৰ প্রথমটো ক’ভিড–১৯ৰ পঞ্জীয়নভুক্ত ভেকচিন৷ এই ভেকচিনটোৰ পর্যায় আগবঢ়াই নিয়াৰ বাবে আৰ ডি আই এফে ভাৰতীয় কোম্পানী ডাঃ ৰেড্ডিজ লেবৰেটৰিজৰ সৈতে চুক্তিবদ্ধ হৈছে৷

You might also like