নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামাজ পঢ়ি ওভতাৰ পথত এজনক গুলীয়াই হত্যা

চামগুৰিত নিশা চাঞ্চল্যকৰ ঘটনা

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তর্গত কদমগুৰিত যোৱানিশা দুজনীয়া দুর্বৃত্তৰ দলে এজন লোকক পথৰ ওপৰত গুলীয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, কাৱৈমাৰীৰ কদমগুৰি অঞ্চল নিৱাসী ৰহিম উদ্দিন (৫৫) নামৰ লোকজনে কাৱৈমাৰীৰ মছজিদত ৰমজানৰ নামাজ পঢ়ি নিশা প্রায় ৯.৩০ বজাত ঘৰলৈ বুলি এখন বাইকেৰে আহি থকা অৱস্থাত কাৱৈমাৰীৰ কদমগুৰিৰ পথত দুজনীয়া দুর্বৃত্তৰ দলে গুলীয়াই ৰূপহীহাট দিশৰ পথেৰে পলায়ন কৰে৷ পৰৱর্তী সময়ত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত হোৱা ৰহিম উদ্দিনক উদ্ধাৰ কৰি কাৱৈমাৰীৰ নুৰুল হুছেইন এফ আৰ ইউ চিকিৎসালয়লৈ নিয়ে৷ ৰহিম উদ্দিনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়াৰ বাবে পৰামর্শ দিয়ে৷

পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীৰ সহযোগত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ দুর্বৃত্তই ৰহিম উদ্দিনক পিছফালৰ পৰা গুলীওৱাৰ ফলত পিঠিয়েদি বুকুত আঘাত কৰে৷ উক্ত হত্যাকাণ্ডটো সম্পূর্ণ পৰিকল্পিত বুলি পৰিয়ালৰ লোকে অভিযোগ কৰাৰ লগতে কালি সন্ধিয়া ৰহিম উদ্দিনক মছজিদলৈ যোৱা সন্দর্ভত কোনো অজ্ঞাত লোকে ফোন কৰি কথা পাতিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ নিশা দুর্বৃত্তৰ গুলীত নিহত হোৱা লোকজনৰ মৃতদেহটো আজি কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ হাতত চমজাই দিয়ে৷ কোনে কিয় এই হত্যাকাণ্ডটো সংঘটিত কৰিলে, সেই সন্দর্ভত জানিব পৰা হোৱা নাই যদিও পৰৱর্তী সময়ত আৰক্ষীৰ উচিত তদন্তৰ পাছতহে প্রকৃত ৰহস্য পোহৰলৈ আহিব বুলি স্থানীয় সচেতন মহলে মত প্রকাশ কৰিছে৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বর্তমানলৈকে ঘটনাৰ লগত জডিত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷

You might also like