নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখসংখ্যক ৩৭০ সপ্তাহ ১ নম্বৰ স্থানত ন’ভাক জক’ভিচ

নিয়মীয়া বাৰ্তা, ১৭ মে’: একেৰাহে অভিলেখসংখ্যক ৩৭০ সপ্তাহ এ টি পি ৰেংকিঙত শীর্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল ন’ভাক জক’ভিচ৷ ইয়াৰ বিপৰীতে পঞ্চম স্থানলৈ অৱনমিত হয় ৰাফেল নাডাল৷ স্পেইনৰ তাৰকাগৰাকী সদ্যসমাপ্ত ইটালিয়ান অ’পেনত প্রি–কোৱার্টাৰ ফাইনেলত পৰাজিত হৈছিল৷ আনহাতে, গ্রীক খেলুৱৈ ষ্টেফান’ছ টিটছিপাছক পৰাস্ত কৰি ৰোমত খিতাপ দখল কৰে জক’ভিছে৷ ইয়াৰ লগে লগে ছার্বিয়ান খেলুৱৈগৰাকীয়ে ষষ্ঠ বাৰলৈ ইটালিয়ান অ’পেনৰ খিতাপ দখল কৰাৰ গৌৰৱ অর্জন কৰে৷ ৰ’জাৰ ফেডেৰাৰ (৩১০)তকৈ জক’ভিছে ৬০ সপ্তাহ অধিক শীর্ষ স্থানত থাকি অভিলেখ গঢ়িছে৷ এই তালিকাৰ ষষ্ঠ স্থানত আছে ৰাফেল নাডাল (২০৯)৷ অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব লগা ফ্রেন্স অ’পেনত জক’ভিচে শীর্ষ বাছনি লাভ কৰাটো নিশ্চিত হৈছে৷ বিশ্ব ৰেংকিঙত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্রমে ডেনিল মেডভেডেভ আৰু আলেকজেণ্ডাৰ জেৰেভে৷

You might also like