নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন সংগ্রামত জয়ী হ’বলৈ শিক্ষা অর্জন কৰিব লাগিবঃ দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ লামডিং মহাবিদ্যালয়ত সোমবাৰে এখন আলোচনা–চক্র অনুষ্ঠিত হয়৷ এই আলোচনা–চক্রত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি অনুবাদক বঁটা বিজয়ী দিগন্ত বিশ্ব শর্মা৷ ‘শিক্ষাৰ প্রকৃত লক্ষ্যঃ  স্বামী বিবেকানন্দ, শ্রীৰবিন্দৰ পৰা ইউনেস্ক’লৈ’ শীর্ষক বিষয়ত বত্তৃণতা দি শর্মাই কয়– ‘আনন্দৰ পৰাই জগত বর্তি আছে৷ সেয়ে আনন্দই আমাৰ একমাত্র লক্ষ্য হোৱা উচিত৷’ তেওঁ লগতে কয়– এই সমাজতান্ত্রিক শিল্প জগতত এজন ব্যক্তিৰ সকলো কাম কৰাৰ বাবে যিমান শিক্ষাৰ প্রয়োজন আধুনিক মানুহে শিক্ষাত সিমানখিনিহে মূল্য প্রদান কৰে৷ ভাষণ প্রসংগত তেওঁ ঋষি অৰবিন্দ, স্বামী বিবেকানন্দ আদিৰ মন্তব্যৰ উদ্ধৃতিৰে কয়–বর্তমান যুগটো বাণিজ্যতান্ত্রিক যুগ৷ বর্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায়৷ এই বাণিজ্যতান্ত্রিক যুগটোক আমেৰিকা অথবা ৰাছিয়াৰ ৰাষ্ট্রপতি নাইবা ভাৰতৰ প্রধানমন্ত্রীয়ে নিয়ন্ত্রণ কৰা নাই৷ নিয়ন্ত্রণ কৰিছে তিনিটা শ্রেণীৰ লোকে৷ সেই শ্রেণী তিনিটা হৈছে বৈভৱশালী ধনপতিসকল, অতিকায় সফল পুঁজিপতি আৰু শিল্পপতিসকল৷

বাণিজ্যতান্ত্রিক যুগৰ এই তিনিটা শ্রেণী হৈছে অতিমানৱ৷ এই তিনি শ্রেণীৰ লোকেই হৈছে বাণিজ্যতান্ত্রিক যুগৰ অদৃশ্য শাসক৷ ভাষণ প্রসংগত তেওঁ মহাযোগীৰ কথা উল্লেখ কৰি কয় যে যদি প্রকৃত জ্ঞান থাকে তেন্তে কর্ম সংস্থাপন লাভ কৰিবই৷ মই হিচাপ বিজ্ঞানৰ ছাত্র আছিলোঁ৷ পৰিবহণ বিভাগত চাকৰি কৰিছিলোঁ৷ কিন্তু বর্তমান মোৰ জীৱনৰ অংগ হৈছে ভাৰতীয় সংস্কৃতি, ভাৰতীয় আধ্যাত্মিকতা, জাতীয়তাবাদ, শিক্ষা বিজ্ঞান৷ তেওঁ কয়– সুদীর্ঘ ৪৫ বছৰ মই বত্তৃণতা দিছেছা৷ এটা সময়ত বত্তৃণতা মোৰ প্রবৃত্তি আছিল৷ আজি কিন্তু বত্তৃণতা মোৰ প্রবৃত্তি নহয়৷ বর্তমান বত্তৃণতা মোৰ সাধনাৰ অংশ৷ মোৰ কোনো পাণ্ডিত্যও নাই৷ হূদয়ত মোৰ শ্রদ্ধা আছে৷ বিষয় ব্যুৎপত্তি, বস্তু পৰিচয় আৰু বৃত্তিৰ চর্চা– এই তিনিটা বস্তুক লৈ আধুনিক শিক্ষা গঢ়ি উঠিছে বুলি মন্তব্য কৰি তেওঁ কয়– আমি শিকিবলগীয়া বস্তু আমাৰ ভিতৰত নাই৷ আমাৰ বাহিৰত আছে৷ ধন যিদৰে উপার্জন কৰিব লাগিব, একেদৰে শিক্ষা–জ্ঞানো বাহিৰৰ পৰা উপার্জন কৰিব লাগিব৷ জীৱন সংগ্রামত জয়ী হ’বলৈকে শিক্ষা অর্জন কৰিব লাগিব৷

বিশ্বজুৰি এই শিক্ষা ব্যৱস্থা ত্রুটিপূর্ণ বুলি মন্তব্য কৰি শর্মাই কয়– মানুহ এক জীৱন্ত সত্তা৷ এটা জীৱন্ত সত্তাক বিষয়বস্তুৰ মাজত প্রাণ নথকা শিক্ষাৰে কেনেদৰে শিক্ষিত কৰি তুলিব৷ এই শিক্ষা ব্যৱস্থাই বিদ্যার্থীৰ প্রতি দৃষ্টিপাত নকৰে৷ এই শিক্ষা ব্যৱস্থাই দৃষ্টিপাত কৰে বিষয়ৰ প্রতি৷ এই শিক্ষাই বিদ্যার্থীৰ সৈতে নৈসর্গিক সম্বন্ধ স্থাপন নকৰে৷ এই শিক্ষাই বিদ্যার্থীৰ আপোন অন্তৰৰ স্পন্দন উপলব্ধি কৰিবলৈ নিদিয়ে৷ পৃথিৱীৰ সাতশ কোটি লোকৰ প্রত্যেকৰে জীৱন ব্রত আছে৷ আমাৰ শিক্ষা ব্যৱস্থাই জীৱন ব্রতৰ প্রতি দৃষ্টিপাত নকৰে৷ এই শিক্ষা ব্যৱস্থাত কেতবোৰ বিষয় নির্বাচিত কৰি দিয়া হৈছে৷ কোৱা হৈছে সেই বিষয় ব্যুৎপত্তি, সভ্যতাৰ পৰিচায়ক৷ কিন্তু বিদ্যার্থীৰ মতামত, বিদ্যার্থীৰ অন্তৰৰ জীৱন স্পন্দন, আপোন আত্মাৰ সংকল্প এইবোৰৰ মূল্য আজিৰ শিক্ষা ব্যৱস্থাত নাই৷ বিষয় ব্যুৎপত্তি, বস্তু পৰিচয় আৰু বৃত্তিৰ চর্চা শিক্ষাৰ অংগ হয়, কিন্তু সমগ্র নহয়৷ সভাখনত মাইবং মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি হাজৰিকা, লামডিং মহাবিদ্যালয়ৰ অধ্যক্ষ মৃণালকান্তি দাস আদিৰ লগতে লামডিঙৰ বিধায়ক শিবু মিশ্রও উপস্থিত থাকে৷

You might also like