নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিটি আয়োগৰ সূচাংক প্রকাশঃ স্বাস্থ্যখণ্ডত দ্রুত অগ্রগতি অসমৰ

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ:  স্বাস্থ্যখণ্ডত অতি দ্রুতগতিত আগবাঢ়িছে অসম৷ ২০১৮–১৯ আৰু ২০১৯–২০ বিত্তীয় বর্ষৰ তুলনামূলক বিশ্লেষণত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই ইতিবাচক দিশ বিচাৰি পাইছে নিটি আয়োগে৷ নিটি আয়োগে  প্রকাশ কৰা ৰাজ্যভিত্তিক স্বাস্থ্য সূচকৰ চতুর্থ সংস্কৰণত দেখা গৈছে ২০১৮–১৯ বিত্তীয় বর্ষতকৈ ২০১৯–২০ বিত্তীয় বর্ষত অসমৰ স্বাস্থ্য খণ্ডত সামগ্রিকভাৱে ৪.৩৪ শতাংশ উন্নতি ঘটিছে৷ স্বাস্থ্যখণ্ডৰ আনুপাতিক উন্নয়নৰ হাৰত উত্তৰ প্রদেশৰ (৫.৫২) পাছত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে অসমে

ল্লেখ্য যে ২০১৮–১৯ বিত্তীয় বর্ষত স্বাস্থ্যখণ্ডত দেশৰ ১৯খন বৃহৎ ৰাজ্যৰ ভিতৰত অসমৰ স্থান আছিল ১৫ নম্বৰত৷ পিছে নিটি আয়োগৰ ২০১৯–২০ বিত্তীয় বর্ষৰ সমীক্ষাত দেখা গ’ল অসমে পূর্বৰ ১৫ নম্বৰ স্থানৰ পৰা ১২ নম্বৰ স্থানলৈ উন্নীত হৈছে৷ মন কৰিবলগীয়া যে তালিকাত ৩টা ঊর্ধ্বমুখী স্থান দখল কৰা দেশৰ একমাত্র ৰাজ্যখন হৈছে অসম৷ সেই হিচাপত স্বাস্থ্যখণ্ডত আটাইতকৈ উন্নীত ৰাজ্য হিচাপে অসমে বৃহৎ ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছে৷ উল্লেখ্য যে নিটি আয়োগে প্রকাশ কৰা তথ্য অনুসৰি বর্তমানে (২০১৯–২০) স্বাস্থ্যখণ্ডত অসমৰ সূচক হৈছে ৪৭.৭৪৷ ২০১৮–১৯ত আছিল ৪৩.৪০৷

আনহাতে দেশৰ ৮খন সৰু ৰাজ্যৰ ভিতৰত যোৱা এবছৰত স্বাস্থ্যখণ্ডত আটাইতকৈ উন্নতি সাধন কৰা ৰাজ্যখন হৈছে মিজোৰাম৷ মিজোৰামে ২০১৮–১৯ বিত্তীয় বর্ষতকৈ ২০১৯–২০ বিত্তীয় বর্ষত ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত সামগ্রিকভাৱে ১৮.৪৫ শতাংশ উন্নতি ঘটিছে৷ কেন্দ্রীয়শাসিত ৰাজ্যসমূহৰ ভিতৰত দিল্লীয়ে আটাইতকৈ উন্নতি সাধন কৰাৰ লগতে ৯.৬৮ শতাংশ সূচক আগবাঢ়িছে৷ মন কৰিবলগীয়া যে স্বাস্থ্যখণ্ডৰ সার্বিক বিকাশত কেৰালা পূর্বৰ দৰে এতিয়াও বৃহৎ ৰাজ্যৰ তালিকাত প্রথম স্থান (৮২.২০) দখল কৰি ৰাখিছে৷ আনহাতে উত্তৰ প্রদেশে পূর্বতকৈ ২০১৯–২০ চনৰ স্বাস্থ্য সূচকত যথেষ্ট উন্নতি সাধন কৰিছে যদিও সামগ্রিকভাৱে ১৯খন বৃহৎ ৰাজ্যৰ তালিকাত সর্বনিম্ন (৩০.৫৭) স্থান দখল কৰিছে৷

You might also like