নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববৰেণ্য নেতাৰ বিয়োগ

এগৰাকী বিশ্ববৰেণ্য ধর্মীয় নেতাৰ বিয়োগত অসংখ্য লোকে শোক প্রকাশ কৰিছে৷ এই ধর্মীয় নেতাগৰাকী হৈছে দক্ষিণ আফ্রিকাৰ আর্ক বিছপ ন’বেল শান্তি বঁটা বিজয়ী ডেজমণ্ড টুটু৷ বয়স হৈছিল ৯০ বছৰ৷ সুদীর্ঘ দুটা দশকতকৈ অধিক কাল কর্কট ৰোগত আক্রান্ত হৈ আছিল টুটু৷ দেওবাৰে আর্ক বিছপগৰাকীৰ মৃত্যুৰ লগে লগে সমগ্র পৃথিৱীৰ শান্তিকামী জনসাধাৰণে শোক প্রকাশ কৰিছে৷ দক্ষিণ আফ্রিকাৰ শ্বেতাংগ বর্ণবাদী শাসনৰ অৱসানৰ ক্ষেত্রত ডেজমণ্ড টুটুৰ ভূমিকা আছিল অসামান্য৷ দেশখনৰ পৰা বর্ণবিদ্বেষ যুগৰ অৱসান ঘটোৱাৰ ক্ষেত্রত অৰিহণা যোগোৱা বাবেই ১৯৮৪ চনত ন’বেল শান্তি বঁটাৰে বিভূষিত কৰা হৈছিল টুটুক৷ আধুনিক দক্ষিণ আফ্রিকাৰ জনক হিচাপে পৰিচিত বিশ্বৰ অগণিত জনতাৰ মুক্তি সংগ্রামৰ প্রাতঃস্মৰণীয় নাম নেলছন মেণ্ডেলাৰ সৈতে একে শাৰীতে ৰখা হ’ল টুটুৰ নামো৷ বয়সৰ ফালৰ পৰাও মেণ্ডেলাৰ সমসাময়িক আছিল এই ধর্মীয় নেতাগৰাকী৷ ১৯৩১ চনত জন্মগ্রহণ কৰা ডেজমণ্ড টুটুৱে ১৯৪৮ৰ পৰা ১৯৯১ চনলৈকে শ্বেতাংগ বর্ণবিদ্বেষী শাসনৰ অৱসান ঘটোৱাৰ ক্ষেত্রত সন্মুখ শাৰীৰ যোদ্ধা হিচাপে কাম কৰিছিল৷ তথাপি সদায় নিজৰ স্থিতি সদৰী কৰিছিল এগৰাকী ধর্মীয় নেতা হিচাপে৷ ১৯৮৬ চনত কেপটাউনৰ প্রথম কৃষ্ণাংগ বিছপ হিচাপে খ্রীষ্টধর্মৰ যাজকৰ পদবী লাভ কৰে টুটুৱে৷ এই পদ লাভ কৰাৰ পাছতে কৃষ্ণাংগসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেতাগৰাকী৷ টুটুৰ বিয়োগৰ লগে লগে সমগ্র দক্ষিণ আফ্রিকাত সৃষ্টি হৈছে শোকৰ বন্যা৷ দেশখনৰ ৰাষ্ট্রপতি চাইৰিল ৰামাফোছাই উল্লেখ কৰিছে যে দক্ষিণ আফ্রিকাক স্বাধীনতা আনি দিয়া অনন্য প্রজন্মৰ পৰা আৰু এগৰাকী নেতাক দেশবাসীয়ে বিদায় জনাবলগীয়া হ’ল৷ দক্ষিণ আফ্রিকাৰ বাবে এই মুহূর্তত ইয়াতকৈ শোকৰ বার্তা একো হ’ব নোৱাৰে বুলিও উল্লেখ কৰে ৰামাফোছাই৷
এগৰাকী ধর্মীয় নেতা হ’লেও সমতাৰ বাণী বিলাই ফুৰিছিল আর্ক বিছপ টুটুৱে৷ পূর্বতে এবাৰ যক্ষ্মা ৰোগৰ পৰা কথমপি জীৱন ৰক্ষা পৰিছিল টুটুৰ৷ ১৯৯৭ চনত কর্কটৰ অস্ত্রোপচাৰ হয় নেতাগৰাকীৰ৷ সাম্প্রতিক সময়ত শৰীৰৰ বিভিন্ন অসুস্থতাৰ বাবে বাৰে বাৰে হাস্পতালত ভর্তি হ’বলগীয়া হৈছিল টুটু৷ কিন্তু সকলো সময়তে তেওঁক দেখিবলৈ পোৱা গৈছিল ধর্মযাজকৰ বেঙুনীয়া পোছাকত৷ মুখত অনবৰতে বিৰিঙি থাকে হাঁহি৷ ২০১০ চনত দক্ষিণ আফ্রিকাই আয়োজন কৰা বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত প্রকাশ্যে নৃত্যও কৰিছিল এই ধর্মীয় নেতাগৰাকীয়ে৷ লগে লগে বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰা প্রখ্যাত গায়িকা ছাকিৰাৰ সৈতে সমান্তৰালভাৱে চর্চা লাভ কৰিছিল টুটুৱে৷ ১৯৯৪ চনত নেলছন মেণ্ডেলা ৰাষ্ট্রপতি হৈ থকা সময়ত টুটুৰ নেতৃত্বত গঠন হৈছিল ‘ট্রুথ এণ্ড ৰিকঞ্চিলিয়েচন কমিছন’৷ এই কমিছনত উন্মোচিত কৰে শ্বেতাংগ শাসকসকলৰ অপৰাধ৷ লগে লগে সমগ্র বিশ্বজুৰি সৃষ্টি হয় নতুন আলোড়ন৷ পৰৱর্তী কালত দক্ষিণ আফ্রিকাৰ চৰকাৰ আৰু স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া আফ্রিকান নেচনেল কংগ্রেছ (এ এন চি)ৰ ব্যর্থতাক লৈও টুটুৱে দৃঢ় অৱস্থান গ্রহণ কৰিছিল৷ অকল সেয়াই নহয়, দুর্নীতিমুক্ত এখন দক্ষিণ আফ্রিকাৰ বাবে সদায় দৃঢ় মত পোষণ কৰি আহিছিল ধর্মীয় নেতাগৰাকীয়ে৷ একে সময়তে সৰৱ হৈছিল তৃতীয় লিংগৰ ব্যক্তি বা এল জি বি টি মানুহৰ অধিকাৰক লৈও মাত মাতিছিল টুটুৱে৷ এল জি বি টি মানুহৰ অধিকাৰৰ দাবীত আফ্রিকাত সবল কণ্ঠস্বৰ হিচাপে চিহ্ণিত হৈছিল এই ধর্মীয় নেতাগৰাকী৷ জীৱনৰ বিয়লি বেলা দক্ষিণ আফ্রিকাক লৈ যি সপোন দেখিছিল, সেই সপোন পূৰণ নহ’ল বুলি আক্ষেপ কৰিছিল নেতাগৰাকীয়ে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে টুটুৰ দেশপ্রেমৰ সমান্তৰালকৈ আছিল কর্মক্ষেত্রত বিচক্ষণতা৷ সেইবাবে নেতাগৰাকীৰ আদর্শবাদৰ কথা স্মৰণ কৰি শোক প্রকাশ কৰিবলগীয়া হৈছে ৰাষ্ট্রপতি চাইৰিল ৰামাফোছাই৷ এগৰাকী ধর্মীয় নেতাৰ এনে বর্ণিল জীৱন পৰিক্রমা বিশ্বত বিৰল৷ ধর্মৰ এক গণ্ডীৰ ভিতৰত থাকিও আফ্রিকাৰ মুক্তি সংগ্রামৰ পৰা আৰম্ভ কৰি দুর্নীতিমুক্ত সমাজ গঢ়াৰ খনিকৰলৈকে বিভিন্ন ভূমিকাত অৱতীর্ণ হৈছিল ডেজমণ্ড টুটু৷ সেইবাবে বিশ্বৰ সকলো নেতাই আর্ক বিছপ টুটুৰ বিয়োগত শোক প্রকাশ কৰিছে৷ নেতাগৰাকীৰ মৃত্যুত অসংখ্য দুর্গত লোকে এক চিৰভাস্বৰ আলোক শিখাৰ চিৰবিদায় বুলি দুখ প্রকাশ কৰিবলগীয়া হৈছে৷

You might also like