নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নিৰ্বাচনৰ দিন ঘোষণা, এটা পৰ্যায়তে হ’ব ভোটগ্ৰহণ

ডিজিটেল ডেস্ক, ১৫ মাৰ্চ : বহু অপেক্ষাৰ অন্তত অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে দেওবাৰে এখন সংবাদ মেলযোগে ঘোষণা কৰা অনুসৰি ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

Election Commission of India (ECI)-ই দেওবাৰে (১৫ মাৰ্চ) সংবাদ মেলত ঘোষণা কৰা মতে, অসমত বিধানসভা নিৰ্বাচন একেটা পৰ্যায়ত ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ফলাফল ৪ মে’ত ঘোষণা কৰা হ’ব। ২৩ মাৰ্চ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

মুখ্য নিৰ্বাচন আয়ুক্ত Gyanesh Kumar-এ অসমৰ লগতে আন তিনিখন ৰাজ্য কেৰেলা, তামিলনাডু, পশ্চিমবংগ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ নিৰ্বাচনী সূচী ঘোষণা কৰে। তামিলনাডুত ২৩ এপ্ৰিলত হ’ব ভোটগ্ৰহণ, ৪ মে’ত ৰাজ্যখনৰ ফলাফল ঘোষণা কৰা হ’ব। পশ্চিমবংগত দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ, ৰাজ্যখনত ২৩ আৰু ২৯ এপ্ৰিলত হ’ব ভোটগ্ৰহণ। আনহাতে, ৪ মে’ত ৰাজ্যখনৰ নিৰ্বাচনৰ ফলাফল হ’ব ঘোষণা। কেৰালা আৰু পুডুচেৰীত ৯ এপ্ৰিলত হ’ব ভোটগ্ৰহণ। অসমৰ দৰে কেৰালা আৰু পুডুচেৰীতো হ’ব এটা পৰ্যায়ত ভোটগ্ৰহণ। ৪ মে’ত তিনিওখন ৰাজ্যতে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।

You might also like