অহা ৪ মে’ৰ ভোট গণনাৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰীৰ ৰাজনৈতিক শিবিৰে শিবিৰে আৰম্ভ হৈছে সম্ভাব্য বিজয়ীক লৈ তুমুল গুণা-গঁথা। চৰ্চানুসৰি, ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ ধুবুৰী আৰু গোলকগঞ্জত বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত মূল নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাবনা থকাৰ বিপৰীতে গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফৰ দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাটো খাটাং।
আনহাতে, বিলাসীপাৰা বিধানসভা সমষ্টিত অগপ আৰু কংগ্ৰেছ দলৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ অনুষ্ঠিত হোৱাৰ বিপৰীতে ধুবুৰী জিলাৰ বীৰসিং-জৰুৱাত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত তীব্ৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা থকা বুলিয়েই দাবী স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশৰ।
উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেক্ষ ভাঙি ধুবুৰী জিলাৰ ভোটদানৰ গড় হাৰ হৈছে গৈ ৯৫.১৮ শতাংশ। ইয়াৰে বীৰসিং জৰুৱাত সৰ্বোচ্চ ৯৬.৫৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে গৌৰীপুৰ বিধানসভা সমষ্টিৰ ভোটদান গড় হাৰ হ’ল ৯৬.০৭ শতাংশ।
আনহাতে, ধুবুৰী আৰু গোলকগঞ্জ আৰু বিধানসভা সমষ্টিৰ ভোটদানৰ গড় হাৰ হ’ল ক্ৰমে ৯৪.৪৭ শতাংশ আৰু ৯৪.৫২ শতাংশ। আনহাতে, ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ সৰ্বনিম্ন ভোটদানৰ হাৰ হ’ল বিলাসীপাৰাৰ। সমষ্টিটোৰ ভোটদান গড় হাৰ হ’ল ৯৩.২৬ শতাংশ।
ইয়াতে উল্লেখনীয় এয়াও যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছে পিছে হোৱা ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত ধুবুৰী জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, গোলকগঞ্জ আৰু বীৰসিং জৰুৱা এই ৫টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ আছিল ক্ৰমে ৯২.৯৩ শতাংশ, ৯৪.০৩ শতাংশ, ৮৯.২২ শতাংশ, ৯০.৬৯ শতাংশ আৰু ৯৪.১০ শতাংশ।
অৰ্থাৎ, বিগত লোকসভা নিৰ্বাচনতকৈ এইবেলিৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটদানৰ গড় হাৰ বিগত লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰতকৈ তুলনামূলকভাবে কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
ইপিনে যিকোনো নিৰ্বাচনত ধুবুৰী জিলাৰ সংখ্যালঘু ভোটাৰ অধ্যুষিত অঞ্চলত সদায়েই ভোটদানৰ হাৰ বেছি হয় যদিও এইবেলিৰ ২৬ৰ বিধানসভা নিৰ্বাচনত সংখ্যাগুৰু ভোটাৰৰ প্ৰাধান্য থকা অঞ্চলতো ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত কিছু বৃদ্ধি পোৱা দেখা গৈছে।
অৱশ্যে এই ঘটনাই জিলাখনৰ এটা-দুটা বিধানসভা সমষ্টিত নিৰ্বাচনী ৰাজনীতিৰ পাটিগণিত সলনি কৰিব নে নাই সেয়া নিশ্চিত নহয় যদিও অহা ৪ মে’ৰ ভোট গণনাৰ অন্তত সেয়া স্পষ্ট হ’ব।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২ মে’