বিশেষ বাৰ্তা, নগাঁও, ২০ নৱেম্বৰ : নগাঁও জিলাৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বামুণী অঞ্চলত আজি কিছুদিন ধৰি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে। বনৰীয়া হাতীয়ে অঞ্চলটোৰ খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে। ৫০/৬০ জনীয়া বনৰীয়া হাতীৰ দলে অঞ্চলটোত বিচৰণ কৰি আছে।
যোৱানিশাও এটা বনৰীয়া হাতীৰ দলক স্থানীয় লোকে খেদি পঠিওৱাৰ চেষ্টা কৰাৰ সময়তে বামুণী শান্তিপুৰৰ এখন ব্যক্তিগত চাহ বাগিচাৰ এটা পৰিত্যক্ত মাটি কুঁৱাত এটা হাতী পোৱালি পৰি আবদ্ধ হৈ পৰে। হাতী পোৱালিটো কুঁৱাত পৰাৰ লগে লগে হাতীজাকৰ মাজত হাহাকাৰ লাগে আৰু চিঞৰিবলৈ ধৰে। হাতীৰ চিঞৰ শুনি অঞ্চলটোৰ লোক ওলাই আহে আৰু ঘটনাৰ বিষয়ে জানিব পাৰি বন বিভাগক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতেই বন বিভাগ আৰু জখলাবন্ধা থানাৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰৰ চেষ্টা কৰে।
পিছত বন বিভাগে এখন জেচিবিৰ সহায়ত পুৱতি নিশা হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পোৱালিটো উদ্ধাৰ হোৱাৰ পিছত মাতৃসহ হাতীৰ জাকটোৱে পোৱালিটোক লগত লৈ সেই স্থান ত্যাগ কৰে। স্থানীয় লোকে অঞ্চলটোত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসন আৰু বন বিভাগক দাবী জনাইছে।