নিয়মীয়া বাৰ্তা, পাঠশালা, ২০ নৱেম্বৰ : আজি বিশ্ব শিশু দিৱসৰ দিনাখনেই বজালীত এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ৷ ১২ বছৰীয়া ছাত্ৰগৰাকী হৈছে নিবিড় নেচন বৰুৱা৷ বজালী জিলাৰ ঘটবৰ সাদেৰী নিৱাসী শিক্ষক অংকুৰ বৰুৱাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰযোগে অনুৰোধ জনাইছিল তেওঁৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ নিবিড় নেচন বৰুৱাক এদিনৰ বাবে আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত কৰাবলৈ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি বিশ্ব শিশু দিৱসৰ দিনা এদিনৰ বাবে আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত কৰা হয় নিবিড় নেচন বৰুৱাক৷
এদিনৰ বাবে আৰক্ষী অধীক্ষক হৈ নিজৰ অনুভৱ ব্যক্ত কৰি সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেচন বৰুৱাই বহুত সুখী হোৱা বুলি মন্তব্য কৰি কয় যে ভৱিষ্যতে এই চকীখনত বহিব পৰাকৈ অনুপ্ৰেৰণা লাভ কৰাৰ লগতে ভালদৰে পঢ়া-শুনা কৰি অসম চৰকাৰে দিয়া এই সন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। ১২ বছৰীয়া ছাত্ৰগৰাকীয়ে আজি বিশ্ব শিশু দিৱসৰ দিনাখনে তেওঁক এনেদৰে উৎসাহিত কৰা বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং, বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা সমন্বিতে বজালী আৰক্ষীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে৷
উল্লেখ্য যে ভোটান্ত সাদেৰীৰ ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ পিতৃয়ে তেওঁৰ পুত্ৰ নিবিড় নেচন বৰুৱাই এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’বলৈ বিচাৰি ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন আবেদন জনাইছিল। সেই আবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ বিষয়টো বিবেচনা কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল। তাৰ পাছতে আজি বজালী জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰে নিবিৰ নেচন বৰুৱাই।
এই সন্দৰ্ভত বজালীৰ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে কয় যে আজি বিশ্ব শিশু দিৱস। এই দিনটোৰ লগত সংগতি ৰাখি নিবিড় নেচন বৰুৱাক এদিনৰ বাবে আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ মনত ইচ্ছা আছিল বজালীৰ আৰক্ষী অধীক্ষক হোৱাৰ। সেই অনুসৰি আবেদন জনাইছিল। গতিকে বিশ্ব শিশু দিৱসৰ দিনাই এই পদক্ষেপ লোৱা হয়।
আজি দিনৰ ভাগত বজালীৰ আৰক্ষী অধীক্ষকৰ বাহনেৰে নিবিড় নেচন বৰুৱাক তেওঁৰ ঘটবৰ সাদেৰীস্থিত বাসগৃহৰ পৰা সম্পূৰ্ণ প্ৰট’কলসহ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ অহা হয়৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী বিষয়াসকলৰ অভিবাদন লোৱাৰ পিছতেই কাৰ্যালয় পৰিদৰ্শন কৰে ৷ পৰৱৰ্তী সময়ত এদিনৰ এছ পি নিবিড় নেচন বৰুৱাই পাটাছাৰকুছি থানা পৰিদৰ্শন কৰে৷ আৰক্ষী অধীক্ষকৰ আসন গ্ৰহণ কৰি এদিনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়- “আজি বিশ্ব শিশু দিৱসৰ বিশেষ দিনটোত মোক এদিনৰ বাবে বজালী জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া বাবে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বজালী আৰক্ষী প্ৰশাসনক বিশেষ ধন্যবাদ জনাইছোঁ৷
নিজৰ বিষয়ে উল্লেখ কৰি নিবিড়ে নেচনে কয়- “মোৰ জন্মক্ষণৰ লগত দেশপ্ৰেমৰ ভাব জড়িত হৈ আছে ৷ কাৰণ মই ১৫ আগষ্টত জন্মলাভ কৰিছোঁ৷ সেইবাবেই মোৰ নামকৰণৰ সময়ত নেচন শব্দটো ব্যৱহাৰ কৰা হৈছিল৷ আজিৰ এই শুভ ক্ষণত ঈশ্বৰৰ আশীৰ্বাদ বিচৰাৰ লগতে মোৰ আপ্ৰাণ প্ৰয়াস থাকিব যাতে অনাগত দিনত মই প্ৰকৃতাৰ্থত আৰক্ষী অধীক্ষক হ’ব পাৰো৷”
উল্লেখ্য যে সৰুৰে পৰাই সাহিত্য-সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত নিবিড় নেচন বৰুৱা ঘটবৰ সাদেৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষক অংকুৰ বৰুৱা আৰু চন্দাস্মিতা দাসৰ পুত্ৰ৷