ডিজিটেল ডেস্ক, নগাঁও, ৪ জুন : নগাঁও জিলাৰ কঠীয়াতলীৰ এক দৃষ্টিহীন দম্পতীয়ে নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে কোনো চৰকাৰী সা-সুবিধাৰ বাবে আবেদন কৰিব পৰা নাছিল। সেয়েহে অভাৱগ্ৰস্ত পৰিয়ালটো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লগা হোৱা বিষয়টো জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ অলপতে দৃষ্টিগোচৰ হয়। বিষয়টো জানিব পাৰি তেওঁ তৎকালীনভাৱে এক প্ৰশংসনীয় আৰু মানৱীয় পদক্ষেপ গ্ৰহণ কৰে।
জিলাখনৰ ৰেংবেং, কঠীয়াতলি নিৱাসী বিভান চন্দ্ৰ দাস আৰু তেওঁৰ পত্নী পপী শইকীয়া দুয়ো জন্মৰে পৰা সম্পূৰ্ণ দৃষ্টিহীন। কিন্তু তেওঁলোকৰ আধাৰ পৰিচয় পত্ৰকে ধৰি কোনো পৰিচয় পত্ৰ নথকা বাবে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। সেয়ে জিলা আয়ুক্তৰ বিশেষ তৎপৰতাত এই দম্পতীটোৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম অতি সোনকালেই সম্পূৰ্ণ কৰা হয়।
বৃহস্পতিবাৰে (৪ জুন) জিলা আয়ুক্ত দেৱাশিস শৰ্মাই তেওঁৰ কাৰ্যালয়ৰ কক্ষত তেওঁলোকক এই আধাৰ কাৰ্ড আনুষ্ঠানিকভাৱে প্ৰদান কৰে। আধাৰ কাৰ্ডখন প্ৰদান কৰি জিলা আয়ুক্তই দম্পতীটোক আগন্তুক দিনবোৰৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোক যাতে চৰকাৰৰ সকলো কল্যাণকামী আঁচনিৰ সৈতে জড়িত হৈ উপকৃত হ’ব পাৰে, তাৰ বাবে সংশ্লিষ্ট বিষয়াক নিৰ্দেশনা প্ৰদান কৰে। এই কাৰ্ড প্ৰদানৰ সময়ত অতিৰিক্ত জিলা আয়ুক্ত দীপংকৰ বৰ্মন আৰু দণ্ডাধীশ শাখাৰ জ্যেষ্ঠ সহায়ক ইন্দ্ৰজিৎ বেজবৰুৱাও উপস্থিত থাকে।