নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫–১৮ বছৰীয়া শিশুক ক’ভিড প্রতিষেধকঃ দুলীয়াজানত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলৰ বাবে ক’ভিড প্রতিষেধক অভিযান আৰম্ভ কৰে।

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কয় যে ফ্ৰণ্টলাইন কৰ্মী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে অহা ১০ জানুৱাৰীৰ পৰা সাৱধানতামূলক পালি কাৰ্যসূচী আৰম্ভ হ’ব। অসমৰ প্ৰতিজন লোককে প্ৰথম পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী প্ৰায় সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পালি ইতিমধ্যে ৭০% লোকক প্ৰদান কৰা হৈছে। মই আশাবাদী যে এই মাহৰ ভিতৰত সকলো নাগৰিকে সম্পূৰ্ণৰূপে টিকাকৰণ কৰিব।

ইপিনে গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ–কিশোৰীক ভেকচিন প্রদানৰ শুভাৰম্ভণি কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷

আনহাতে গুৱাহাটীত ১৫খন বিদ্যালয়ত প্রদান কৰা হ’ব ক’ভিড ভেকচিন৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ কামৰূপ একাডেমী, পাণবজাৰৰ ডনবস্ক’ স্কুল, কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, টি চি উচ্চতৰ মাধ্যমিক বিদ্যালয়, কালিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাজিৰঙা ইংলিছ একাডেমী, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাহৰগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞানজ্যোতি হাইস্কুল, সোণাপুৰ কলেজ আৰু নাৰেংগীৰ কেন্দ্রীয় বিদ্যালয়ত প্রদান কৰা হ’ব ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকক ভেকচিন৷

You might also like