নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰ মাহত ঈৰ্ষণীয় জিএছটি সংগ্ৰহ

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ উৎসৱৰ বতৰৰ বাবে অক্টোবৰ মাহত দৰ্শনীয় জি এছ টি সংগ্ৰহ। ২০২৩ চনৰ অক্টোবৰ মাহত মুঠ জি এছ টি সংগ্ৰহ হৈছে ১.৭২ লাখ কোটি টকা। ২০১৭ চনৰ ১ জুলাইত জি এছ টি কাৰ্যকৰী হোৱাৰ পিছত ২০২৩ চনৰ অক্টোবৰ মাহত জি এছ টি সংগ্ৰহ দ্বিতীয় সৰ্বোচ্চ স্তৰ। একে সময়তে যোৱা বছৰৰ অক্টোবৰ ২০২২ৰ তুলনাত জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত ১৩ শতাংশ ঊৰ্ধ্বগামী হৈছে। বিত্ত মন্ত্ৰালয়ে ২০২৩ চনৰ অক্টোবৰ মাহৰ জি এছ টি সংগ্ৰহৰ তথ্য প্ৰকাশ কৰা অনুসৰি অক্টোবৰ মাহত ১,৭২,০০৩ কোটি টকা জি এছ টি সংগ্ৰহ কৰা হৈছে। ইয়াৰে ৩০,০৬২ কোটি টকা চিজিএছটি, ৩৮,১৭১ কোটি টকা এছজিএছটি, ৯১,৩১৫ কোটি টকা আইজিএছটি আৰু ছেছৰ জৰিয়তে ১২,৪৫৬ কোটি টকা সংগ্ৰহ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত গড় জি এছ টি সংগ্ৰহ ১.৬৬ লাখ কোটি টকা হৈছে, যিটো ১১ শতাংশ অধিক। একে সময়তে যোৱা বছৰৰ অক্টোবৰ মাহৰ তুলনাত এই অক্টোবৰ মাহত জি এছ টি সংগ্ৰহ ১৩ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেনদেনৰ পৰা ৰাজহ ১৩ শতাংশ ঊৰ্ধ্বগামী হৈছে। চৰকাৰে চিজিএছটিত ৪২,৮৭৩ কোটি টকা নিষ্পত্তি কৰাৰ বিপৰীতে আইজিএছটিৰ ৩৬,৬১৪ কোটি টকা এছজিএছটি হিচাপে নিষ্পত্তি কৰিছে। অক্টোবৰ মাহত চিজিএছটিৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ ৭২,৯৩৪ কোটি টকা হোৱাৰ বিপৰীতে ৰাজ্যসমূহে এছজিএছটি হিচাপে লাভ কৰিছিল ৭৪,৭৮৫ কোটি টকা।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like