নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত কোচ ৰাজবংশী সকলৰ বিষুৱা উৎসৱঃ জনজাতিকৰণ, ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনৰ দাবী

বিশেষ বাৰ্তা, ২৩ এপ্রিলঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত শনিবাৰে এদিনীয়াকৈ অনুষ্ঠিত হয় কোচ ৰাজবংশীসকলৰ বিষুৱা উৎসৱটি। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৌজন্যত লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী, লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আৰু লখিমপুৰ জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত আয়োজন কৰা হয় কেন্দ্রীয় বিষুৱা উৎসৱ। এই উপলক্ষে কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত ৰীতিনীতি, কৃষ্টি সংস্কৃতিৰে মুখৰিত হৈ উঠে ত্যাগ ক্ষেত্র। পূৱা পতাকা উত্তোলন হোৱাৰ পাছত বীৰ চিলাৰায় বিষয়ত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা লগতে কোচ ৰাজবংশীসকলৰ জাতিগত সাজপাৰৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই উৎসৱৰ থলীৰ পৰা কোচ ৰাজবংশীসকলকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতি কৰণ, ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আদিৰ দাবীও জনায় সংগঠনৰ নেতৃবৃন্দই। ৰাজ্যৰ খিলঞ্জীয়া ভূমিপুত্র জাতি জনগোষ্ঠীসমুহৰ মৰ্মবেদনা উপলব্ধি কৰি সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰক আহ্বান জনায়।

প্ৰেৰক জীৱন গোস্বামী

You might also like