নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া, বোচাইমাৰী বান্ধ ৰক্ষাৰ দাবীত ধৰ্ণা

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ অঞ্চলৰ বোচাইমাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে “গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটি”ৰ আহ্বানত আজি বোচাইমাৰী বান্ধ ৰক্ষা কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

উক্ত ধৰ্ণা কাৰ্যসূচীত দল মত নিৰ্বিশেষ সকলো স্তৰৰ জনসাধাৰণ ওলাই আহে। দক্ষিণ পাৰ খ্যাত বৃহত্তৰ ফকিৰগঞ্জ অঞ্চলত ১৯৮৮ চনৰ পৰা খহনীয়াই তাণ্ডৱ চলাই আহিছে। যোৱা কেইবামাহ ধৰি ফকিৰগঞ্জৰ ওৱাহাব বাজাৰ, লোক নিৰ্মাণ বিভাগৰ পথছোৱা, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান মছজিদ, ঈদগাহ ময়দান ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই বিলীন হোৱাৰ পিছত ফকিৰগঞ্জ বোচাইমাৰী বান্ধ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। যাৰ ফলত অঞ্চলবাসী আতংকিত হৈ পৰে।

খহনীয়াৰ কালৰূপ ধাৰণ কৰা অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা তথা সংশ্লিষ্ট বিভাগক কাতৰ অনুৰোধ জনাইছে আহিছে যদিও এতিয়ালৈকে প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। ফলত খহনীয়া প্ৰতিৰোধৰ দাবীত আজি শ শ নৈপৰীয়া ৰাইজ ওলাই আহিছে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ৩১ জুলাই, ২০২৫

You might also like