নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা মহাবিদ্যালয় মহিলা কোষৰ প্ৰতিষ্ঠা দিৱসঃ গমন মুক্তিয়াৰ আৰু নিতাৰাম শইকীয়া সোঁ‌ৱৰণী পৰিৱেশ বঁ‌টা প্ৰদান

বিশেষ বাৰ্তা, ১৩ মেঃ ‘সমাজৰ লগতে শিক্ষাৰ প্ৰতি ভালপোৱা থকা মানুহেহে শিক্ষানুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিছিল । তাহানিতে কোনো মন্ত্ৰী- সাংসদ- বিধায়কে এনে শিক্ষানুষ্ঠানসমূহ কিন্তু প্ৰতিষ্ঠা কৰা নাছিল । শিক্ষাৰ প্ৰতি ভালপোৱা থকা এচাম মানুহেই এনে কামত জড়িত হৈছে । আনকি তেওঁলোকে নিজৰ ধন খৰচ কৰিহে স্কুল কলেজ পাতিছিল । ‘ যোৰহাট জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কৰে ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন আটছা নেতা কামাখ্যা প্ৰসাদ তাছাই । তেওঁ লগতে কয়- সমাজৰ প্ৰতি ভালপোৱাৰ লগতে দায়বদ্ধতা থকা একাংশ লোকে স্থাপন কৰা স্কুল – কলেজসমূহত পিছত শিক্ষকতা কৰিবলৈ বহু শিক্ষক শিক্ষয়িত্ৰী আহে যদিও তেওঁলোকৰ উৎসৰ্গিকৃত মন থাকিব লাগিব । তেতিয়াহে একোখন শিক্ষানুষ্ঠান সফল ৰূপত গঢ় লৈ উঠিব । প্ৰসংগক্ৰমে সাংসদ তাছাই পাঠদানৰ সময়তো বেছিভাগ মহাবিদ্যালয়ৰে অধিকাংশ ছাত্ৰ ছাত্ৰীক বাহিৰত ঘুৰি ফুৰাহে দেখা যায় বুলি উল্লেখ কৰি এইয়া অতি দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰে । ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন নকৰিলে জীৱনটোত মাথোঁ চাৰ্টিফিকেট লোৱাৰ বাদে অন্য একো নহ’ব বুলি মন্তব্য কৰি তেওঁ কয়- আমি আমাৰ জীৱনটো নিজেই গঢ়িব লাগিব । আন্তঃগাঁ‌ঠনি উন্নয়নে একোখন শিক্ষানুষ্ঠানৰ নাম নিদিয়ে – ভাল ফলাফলেহে শিক্ষানুষ্ঠানৰ নাম দিয়ে বুলিও তেওঁ নিজ বক্তব্যত উল্লেখ কৰে । চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ আনন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° অঞ্জন শইকীয়াই । জ্যেষ্ঠ অধ্যাপক ড° দ্বীপেন নাথে আঁ‌ত ধৰা সভাখনত অতিথি হিচাপে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° বীণাপাণী দেৱী, যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মঞ্জুলা বৰা, বিশিষ্টা মহিলা চম্পাৱতী শইকীয়া, ‘মিচেছ ইণ্ডিয়া ইন্টাৰনেচনেল গ্ল’বেল কুইন’ৰ সঞ্চালিকা ৰিজু শইকীয়া, যোৰহাট জিলা পৰিষদৰ সদস্য ৰঞ্জন শইকীয়া, মৰিয়নিৰ দিব্যজ্যোতি শইকীয়া আদিয়ে অংশগ্ৰহন কৰে । এই সভাখনতে যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা মঞ্জুলা বৰাক মহিলা কোষৰ দ্বাৰা গামোচা, গ্ৰন্থ, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে, এই সভাতেই মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁ‌চনি ( এন এছ এছ ) গোট, গ্ৰীণ থিংকাৰ্ছ গোট আৰু ইক’ ক্লাৱৰ দ্বাৰা চৰকাৰী গাওঁবুঢ়া গমন মুক্তিয়াৰ আৰু নিতাৰাম শইকীয়া সোঁ‌ৱৰণী পৰিবেশ বঁ‌টা প্ৰদান কৰা হয় । পৰিবেশ – প্ৰকৃতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে গমন মুক্তিয়াৰ সোঁ‌ৱৰণী পৰিবেশ বঁ‌টা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ পৰিবেশ কৰ্মী ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিতাৰাম শইকীয়া সোঁ‌ৱৰণী পৰিবেশ বঁ‌টা ‘লখিমী কবি’, কৃষি বিজ্ঞানী, তথা নিমপুলি প্ৰাকৃতিক সংস্থাৰ থানেশ্বৰ বৰাক প্ৰদান কৰা হয় । অধ্যাপক পদ্মেশ্বৰ কাটনীয়ে আঁ‌ত ধৰা আৰু মৰিয়নিৰ বিশিষ্টা মহিলা চম্পাৱতী শইকীয়াই দান কৰা বঁ‌টাসমূহ প্ৰাপকক প্ৰদান কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । দুয়োকে গামোচা, চ্যাটিন, সুদৃশ্য বঁ‌টা, স্মাৰক, অভিনন্দন পত্ৰ আদি প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, নিমপুলি খ্যাত থানেশ্বৰ বৰাই ৰাজ্যখনৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ নিমপুলি বিতৰণ কৰাৰ লগতে বহু স্থানত নিমপুলি ৰোপণ কৰি আহিছে । সভাত সাংসদ তাছাৰ উপৰিও বঁ‌টা প্ৰাপক থানেশ্বৰ বৰা, ধ্ৰুৱজ্যোতি হাজৰিকা, সম্বৰ্ধিত শিক্ষাবিদ মঞ্জুলা বৰা, ৰিজু শইকীয়া আদিয়ে বক্তব্য প্ৰদান কৰে । ইয়াৰ পূৰ্বে পুৱা বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° বীণাপানী দেৱীয়ে । বিশিষ্ট চিকিৎসক ডাঃ অৰুণ শইকীয়া, মৰিয়নিৰ সমাজকৰ্মী অৰুণ বেৰিয়া প্ৰমুখ্যে বহুসংখ্যক লোক, মহাবিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আদি সভাখনত উপস্থিত থাকে । মৃদুল শইকীয়াই পৰিচালনা কৰা সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ মহিলা কোষৰ সদস্যা আৰু ছাত্ৰীসকলৰ জেং বিহু পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । আনহাতে, বিহুৱা শিল্পী পিংকুমনি বৰা, সঞ্জয় বৰা, সূৰুয দাস, যাদৱ বৰা আদিৰ বিহু পৰিবেশনে সমগ্ৰ অনুষ্ঠানটোক অন্য মাত্ৰা প্ৰদান কৰে । ইফালে, এই অনুষ্ঠানৰ পিছতেই মহিলা কোষৰ উদ্যোগত আৰু গ্ৰীণ থিংকাৰ্ছ গোট আৰু ইক’ ক্লাৱৰ সহযোগত মহাবিদ্যালয় চৌহদত স্থাপন কৰা এখনি নেমুটেঙা বাৰী উন্মোচন কৰা হয় ।

প্ৰেৰক দিব্যজ্য়োতি শইকীয়া

You might also like