নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত জনস্বাস্থ্য আৰু অন্ধবিশ্বাস শীৰ্ষক বক্তৃতানুষ্ঠান

বিশেষ বাৰ্তা, ১৩ মে’: ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চ নগাঁও শাখাৰ উদ্যোগত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ” জনস্বাস্থ্য আৰু অন্ধবিশ্বাস” শীৰ্ষক বিষয়বস্তুক লৈ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে চিকিৎসক ডা অঞ্জনজ্যোতি শইকীয়া। ডা অঞ্জনজ্যোতি শইকীয়াই আলোচনাৰ বিষয়বস্তুৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰি কয়- ছাত্ৰীসকলৰ মাহেকীয়াৰ লগত হ’ৰমনৰহে সম্পৰ্ক, এইক্ষেত্ৰত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱ থাকিব নোৱাৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰেন্দ্ৰ শৰ্মাই ভাষণ প্ৰসংগত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা,লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে। ইয়াৰোপৰি সমাজত প্ৰচলিত কেতবোৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ফলত কিদৰে সমাজখন ক্ষতিগ্ৰস্ত হৈছে তাৰো এক চমু অৱলোকন তুলি ধৰে। সভাৰ প্ৰাৰম্ভিনীতে বক্তৃতানুষ্ঠানখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জ্যেষ্ঠ শিক্ষক নাৰায়ণ বিশ্বাসে। উল্লেখযোগ্য যে এই বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰা নৱৰূপ জাতীয় বিদ্যাপীঠৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ ভিতৰত মনালি শইকীয়া আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সুণয়না শ্বেখে বিষয়বস্তুৰ ওপৰত চমু বক্তব্য দাঙি ধৰাৰ লগতে শিক্ষাৰ্থী সকলে নিজৰ নিজৰ প্ৰশ্ন উত্থাপন কৰি মুখ্য অতিথিৰ পৰা সমাধান লাভ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like