নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শিঙিমাৰীত প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২৪ মেঃ ৰূপহীহাটৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ আঁচনিৰ এক সজাগতা সভা অনুষ্ঠিত হয়।উক্ত সভাত চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনি সম্পৰ্কে কৃষকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য সভাখন অনুষ্ঠিত হয়। যিসকলে কৃষকে এতিয়াও পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে আবেদন কৰিবলৈ আহ্বান জনায়। শতাধিক কৃষকৰ উপস্থিতিত সভাখন অনুষ্ঠিত হৈ যায়। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হলে কেনেকৈ আবেদন কৰিব লাগিব সেই সম্পৰ্কে ৰাইজক অৱগত কৰাই।উক্ত সভাত কলিয়াবৰ কৃষি বিভাগৰ সহকাৰী কৃষি পৰিদৰ্শক তাপছ চৰকাৰ , কৃষি সম্প্ৰসাৰণ সহায়ক বিলীন ডেকাই চৰকাৰী আঁচনিসমূহ লাভ কৰি সঠিক বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।যিসকলে ইতিমধ্যে পিএম কিষান ৰ ধন লাভ কৰি আছিল তেঁওলোকে ইকেওৱাইচি কৰাটো জৰুৰী বুলিও মন্তব্য আগবঢ়ায় । বৰ্তমান শিঙিমাৰী ফাৰ্মাৰ ক্লাৱত পিএম কিষাণৰ ইকেওৱাইচি ৰ কাম চলি আছে সকলোৱে কৃষকে নিজৰ নিজৰ কৰণীয় কাম সমূহ সম্পূৰ্ণ কৰি চৰকাৰ অভিলাষী আঁচনি ৰ সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক জহিৰুল ইছলাম

You might also like