ৰহাত উচ্ছেদৰ জাননী : টালি-টোপোলা বান্ধি ৰাওনা বেদখলকাৰী
অচিৰেই ৰহাৰ জৰাবাৰী মৌজাৰ চেঙাজানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান৷ ৰহা ৰাজহ চক্ৰত অন্তৰ্গত চেঙাজানত ৫৯০ বিঘা ফৰেষ্ট লেণ্ডৰ চৰকাৰী ভূমি ইতিমধ্যে বেদখলকাৰীৰ কৱলত আছে৷
এই অবৈধ বেদখলকৃত চৰকাৰী ভূমিত চলোৱা হ’ব উচ্ছেদ অভিযান। ইতিমধ্যে ৰহা ৰাজহ চক্ৰৰ ফালৰ পৰা বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু দহ দিনৰ ভিতৰত মাটি খালি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
বেদখল মুক্ত নকৰিলে চলোৱা হ’ব উচ্ছেদ অভিযান৷ উল্লেখ্য যে চেঙাজানৰ এই ৫৯০ বিঘা চৰকাৰী মাটিত প্ৰায় ১৩০ ঘৰ লোকে অবৈধভাৱে দখল কৰি ঘৰ-দুৱাৰ সাজি বসবাস কৰাৰ লগতে কৰি আছে খেতি-বাতি৷
ইপিনে জাননী লাভ কৰাৰ পিছতে বহু বেদখলকাৰীয়ে নিজ নিজ ঘৰ ভাঙি অন্য স্থানলৈ ৰাওনা হৈছে৷ কিন্তু একাংশই ভূমিহীন বুলি গইনা লৈ বেদখল এৰিবলৈ অমান্তি প্ৰকাশ কৰিছে৷
Niyomiya Barta desk, 20 August