নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্থিক দুৰ্নীতি : SMCHত CM ভিজিলেঞ্চৰ অভিযান

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ’ল’জি বিভাগত অভিযান ৷ প্ৰায় এক ঘন্টা ধৰি চলিছে অভিযান ৷ বিভাগটোৰ একাধিক কৰ্মী বিষয়াক জেৰা অভিযানকাৰী দলৰ ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ’ল’জি বিভাগত আজি হঠাৎ অভিযান চলাইছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই৷ ৰেডিঅ’ল’জি বিভাগত সংঘটিত বৃহত আৰ্থিক দুৰ্নীতিৰ তদন্তৰ বাবে চলিছে এই অভিযান৷

গুৱাহাটীৰ পৰা যোৱা ৩জনীয়া তদন্তকাৰী টীমে চলাইছে অভিযান৷ এক্স-ৰে, এম আৰ আইসহ বিভিন্ন টেষ্টৰ নামত তিনি বছৰ পূৰ্বে মেডিকেলৰ ৰেডিঅ’ল’জি বিভাগত সংঘটিত হৈছিল বৃহত আৰ্থিক কেলেংকাৰি ৷

মেডিকেলৰ হিচাপ বহীত উল্লেখ নকৰাকৈ অৰ্থৰ বিনিময়ত মেডিকেল আৰু বাহিৰৰ ৰোগীক দীৰ্ঘদিনৰ পৰা  গোপনে এক্স-ৰে, এম আৰ আই কৰা হৈছিল ৷ ৰেডিঅ’ল’জি বিভাগৰ একাংশ কৰ্মী বিষয়াৰ নেতৃত্ব চলিছিল ছিন্ডিকেট৷ মেডিকেলৰ বিভাগীয় তদন্তত পোহৰলৈ আহিছিল এই দুৰ্নীতিৰ তথ্য৷ ঘটনাক লৈ আৰক্ষীক গোচৰ তৰিছিল মেডিকেল কৰ্কৃপক্ষই ৷ সমান্তৰালভাৱে বিভাগটোৰ  ৬জনকৈ কৰ্মীক চাকৰিৰ পৰা নিলম্বন কৰিছিল মেডিকেল কৰ্তৃপক্ষই ৷

আনহাতে আৰক্ষীয়ে গোচৰটো চি এম ভিজিলেঞ্চলৈ হস্তান্তৰ কৰিছিল৷ আজি চিএম ভিজিলেঞ্চে চলাইছে অভিযান। অভিযানত কেইবাজনো কৰ্মীক বিষয়াক জেৰা চলোৱাৰ খবৰ আহিছে৷ সংঘটিত দুৰ্নীতিত মেডিকেলৰ একাধিক বিয়াগোম বিষয়া জড়িত থকাৰ সন্দেহ CM ভিজিলেঞ্চৰ।

Niyomiya Barta desk, 20 August

You might also like