নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বধর্ম প্রার্থনা স্মৃতিচাৰণ সভাৰে তৰুণ গগৈক স্মৰণ

প্রাক্তন মুখ্যমন্ত্রীৰ মৃত্যুৰ এবছৰ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ অসমৰ একেৰাহে তিনিটা কার্যকালৰ মুখ্যমন্ত্রী, পদ্মভূষণ প্রয়াত তৰুণ গগৈৰ প্রথম মৃত্যুবার্ষিকীত মঙলবাৰে অসম প্রদেশ কংগ্রেছৰ উদ্যোগত ৰাজ্যজুৰি প্রয়াত নেতাগৰাকীৰ প্রতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ ৰাজ্যখনৰ প্রতিখন জিলাত প্রয়াত নেতাগৰাকীৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেওঁৰ বলিষ্ঠ ব্যক্তিত্বক শ্রদ্ধাৰে স্মৰণ কৰা হয়৷ গুৱাহাটীত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত পুৱা ১০.৩০ বজাত প্রয়াত তৰুণ গগৈৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি তর্পণেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন, প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, সাংসদ তথা তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈ, প্রাক্তন সাংসদ বলীন কুলী, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামী, প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধানসভাৰ মুখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্রাক্তন মন্ত্রী অকণ বৰা, বিধায়িকা শিখামণি বৰা, বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ, অন্যতম সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্যকে ধৰি প্রদেশ কংগ্রেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা–কর্মীয়ে প্রয়াত নেতাগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

ইয়াৰ পিছতে নাম–প্রসংগৰ লগতে বাইবেল, কোৰান আৰু গুৰু চাহিব গ্রন্থ পাঠ কৰি বৰেণ্য নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয়৷ সেইদৰে নাগাৰা নাম অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই নাগাৰা বজাই নামত অংশগ্রহণ কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্রয়াত গগৈৰ বিশাল কর্মজীৱনৰ স্মৃতি ৰোমন্থন কৰি কয় যে ১৯৮৫ চনত গগৈ যেতিয়া প্রদেশ কংগ্রেছৰ সভাপতি হৈছিল, তেতিয়া তেওঁ বিভিন্ন জিলালৈ যোৱা সভা–সমিতিত ১০০জন মানুহো গোট খোৱা নাছিল৷ তেওঁক আৱর্ত ভৱনতো থাকিবলৈ দিয়া হোৱা নাছিল৷ কিন্তু সেইগৰাকী গগৈকে অসমৰ জনসাধাৰণে একেৰাহে তিনিবাৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত কৰালে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত যি বিজেপিয়ে গগৈৰ ফটোসহ ‘বাদ দিয়াহে’ বুলি পোষ্টাৰ লগাই উপলুঙা কৰিছিল, সেই বিজেপিৰ কেন্দ্রীয় চৰকাৰে মৃত্যুৰ পিছত গগৈক পদ্মভূষণ সন্মান দিলে৷ কংগ্রেছৰ প্রতিজন নেতা–কর্মীকে গগৈৰ জীৱন পৰিক্রমাক আদর্শ আৰু প্রেৰণা হিচাপে লোৱাৰ বাবে তেওঁ আহ্বান জনায়৷ সেইদৰে গগৈৰ পুত্র সাংসদ গৌৰৱ গগৈয়ে কয় যে বহু উচ্চ পদবীত থকাৰ পিছতো গগৈৰ চৰিত্রৰ কোনো পৰিৱর্তন হোৱা নাছিল৷ তেওঁ সদায় সাধাৰণ মানুহৰ দৰে সকলোৰে প্রতি আচৰণ কৰিছিল৷

আনকি মৃত্যুৰ কেইদিনমান পূর্বে দিয়া অন্তিম বার্তাতো তেওঁ ৰোৱনী–বোৱনী, কৃষকসকলৰ কথা কৈছিল৷ ‘কা’ আন্দোলনৰ সময়তো গগৈয়ে উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে নিজেই যুক্তি প্রদর্শন কৰিছিল৷ শান্তি আৰু সম্প্রীতিৰ ক্ষেত্রত গগৈৰ দিনত অসম বহু আগুৱাই যাবলৈ সক্ষম হ’ল৷ আনাহতে জ্যেষ্ঠ কংগ্রেছ নেতা, প্রাক্তন মন্ত্রী শৰৎ বৰকটকীয়ে ছাত্র জীৱনৰ বন্ধু গগৈৰ স্মৃতি ৰোমন্থন কৰি জে বি কলেজৰ ছাত্র একতা সভাৰ নির্বাচনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জীৱনতো দুয়ো অভিন্ন বন্ধু আছিল বুলি কয়৷ গগৈৰ নেতৃত্বতে অসমত বিকাশ আৰু উন্নয়নৰ যাত্রা আৰম্ভ হয়৷ তেওঁ আজিৰ দিনটোতে কংগ্রেছ কর্মীসকলক ঐক্যবদ্ধ হৈ দল শক্তিশালী কৰাত সংকল্প গ্রহণ কৰিবলৈ আহ্বান জনায়৷ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি সাংসদ ৰিপুণ বৰাই কয় যে গগৈৰ কার্যদক্ষতা, দূৰদর্শিতা, বিচক্ষণতা আৰু অসমৰ ৰাইজৰ পৰা লাভ কৰা আশীর্বাদৰ বাবেই বিধ্বস্ত অসমক পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামীয়ে স্মৃতিচাৰণ সভাখনত গগৈৰ ৰাজনৈতিক জীৱন বৃত্তান্ত, জীৱন দর্শন আৰু অসমপ্রেমৰ বিষয়ে উল্লেখ কৰে৷ ইফালে, গগৈৰ পৰিয়ালৰ উদ্যোগত আজি শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ প্রেক্ষাগৃহতো এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷

You might also like