নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বাঃ)ৰে আলোচনা প্রক্রিয়া আগবাঢ়ি আছেঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ আলফা–চৰকাৰৰ শান্তি আলোচনাক লৈ চলি থকা চর্চাৰ মাজতে শেহতীয়াকৈ সার্বভৌমত্বৰ প্রসংগক লৈ সৃষ্টি হৈছে বিতর্ক৷ আজি এই বিতর্ক সন্দর্ভত মুখ্যমন্ত্রীৰ মন্তব্য– আলফাৰ সার্বভৌমত্বৰ দাবীৰ বিপৰীতে চৰকাৰে ইয়াক অস্বীকাৰ কৰিছে৷ ইয়াৰ মাজতে আলোচনা আগবাঢ়ি আছে৷ অসম আৰক্ষীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হোৱা পর্যালোচনা বৈঠকৰ পিছতেই সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে শান্তি আলোচনাৰ প্রক্রিয়া আগুৱাই আছে বুজি জানিবলৈ দি কয়– আলফাই সার্বভৌমত্ব লাগে বুলি কৈছে আৰু আমি নিদিওঁ বুলি কৈছোঁ৷ ইয়াৰ মাজতো আলোচনা আগবাঢ়ি আছে৷ আলোচনা আগবাঢ়ি থকাৰ বাবেই যুদ্ধবিৰতিলৈ গৈছে আলফা৷ কিছুমান বিষয় ৰাজহুৱা কৰিব নোৱাৰি৷ কিন্তু সঠিক দিশত আগবাঢ়িছে আলোচনা৷

ইফালে, আলফালৈ একাংশ যুৱক–যুৱতীৰ গমনক লৈ মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়– ঘৰৰ ল’ৰা বা ছোৱালীজনীৰ মনৰ কথা পিতৃ–মাতৃয়ে অনুকৰণ কৰিব লাগে৷ সামাজিক মাধ্যমত ল’ৰা বা ছোৱালীজনীয়ে কি ধৰণৰ পোষ্ট দিছে, কাক অনুকৰণ কৰিছে, সেইবোৰ লক্ষ্য ৰাখিব লাগে৷ যদি সন্তানে অন্য পথ লৈছে, সেই সন্দর্ভত আৰক্ষীক অৱগত কৰিব লাগে৷ সমাজে আৰক্ষীক সহায় কৰিলেহে এই বিষয়বোৰ বন্ধ কৰিব পাৰি৷ ‘কা’ আন্দোলন সন্দর্ভতো আজি মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া ব্যক্ত কৰে৷ শেহতীয়াকৈ কৃষি আইন বাতিলৰ পিছত অসমত ‘কা’ আন্দোলন আৰম্ভ কৰাৰ বাবে একাংশ সংগঠনে দিয়া হুংকাৰৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– যিসকলে বর্তমান সময়ত আন্দোলনৰ কথা কয়, তেওঁলোকে দুখীয়া লোকৰ যন্ত্রণা বুজি নাপায়৷ ক’ৰোনাৰ ভয়ংকৰ পৰিৱেশৰ পিছত এতিয়া আৰু মানুহ আন্দোলনৰ বাবে ওলাই নাহে৷ জীয়াই থকাৰ কাৰণে সাধাৰণ লোকক এতিয়া সুবিধা লাগে৷ অতিকমেও এবছৰলৈ আন্দোলনৰ কাৰণে কোনো ওলাই নাহে৷

You might also like