নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

”সাহিত্যই এটা বিষয়, এটা চিন্তা, এগৰাকী ব্যক্তিক অমৰত্ব প্ৰদান কৰিব পাৰে”

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সাহিত্য নিজেই অমৰত্বগ্ৰাহী৷ ভাল সাহিত্যই এটা বিষয়ক, এটা চিন্তাক, এগৰাকী ব্যক্তিক অমৰত্ব প্ৰদান কৰিব পাৰে৷ এই মন্তব্য বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ন গোস্বামীৰ৷ আজি সন্ধিয়া অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বজালী জিলা শাখাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা পাঠশালাৰ ঐতিহ্যমণ্ডিত প্ৰগতি সংঘত অনুষ্ঠিত হয়৷ পৰিষদৰ বজালী জিলা শাখাৰ সচিব অনিল ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বজালী জিলা শাখাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি মুনিন্দ্ৰ নাৰায়ন গোস্বামীয়ে সভাপতিত্বৰ আসন গ্ৰহণ কৰি কয় যে সমাজক বাদ দি সাহিত্য হব নোৱাৰে৷ সেয়েহে সাহিত্য সভা, সাহিত্য পৰিষদ আদি গঠন কৰাটো এক সামাজিক দায়িত্ব৷ এই সভা বা পৰিষদসমূহৰ এটা দিকবলয়, বহল দৰ্শন আছে৷ ই কোনো সংকুচিত ভাৱৰ ক্ষেত্ৰ কেতিয়াও নহয়৷ নহলে ১৬ শতিকাৰ আৰম্ভনিৰ ছেইক্সপিয়েৰক আমি আজিও সাহিত্যৰ পূজা দি নাথাকিলোহেতেন৷ সাহিত্য পৰিষদ মানুহৰ উত্তৰণ যাত্ৰাৰ এক অতুলনীয় দৰ্শন বুলি মন্তব্য কৰি গোস্বামীয়ে সাহিত্যসেৱীসকলৰ সামাজিক দায়বদ্ধতা সন্দৰ্ভত বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ গোস্বামীয়ে সভাত উপস্থিত প্ৰতিগৰাকী কাৰ্যকৰ্তাকে বজালীৰ সাহিত্যৰ দিশৰ মৰ্যাদাৰ ঘোষক হিচাপে কাম কৰি যাবলৈ আহ্বান জনায়৷ সচিব অনিল ডেকা আৰু যুটীয়া সাধাৰণ সচিব নন্দ দুলাল চৌধুৰীয়ে আঁত ধৰা সভাখনত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ লক্ষ্য, উদ্দেশ্য আৰু কাৰ্যপন্থা সন্দৰ্ভত বিশদ বিবৰণ দিয়ে বজালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা পৰিষদৰ অন্যতম সদস্য ড৹ কৰুণা মোহন শৰ্মাই৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰিষদৰ উপ সভাপতি ধীৰেন্দ্ৰ তালুকদাৰে পৰিষদৰ আৰ্থিক দিশৰ লগতে বজালীৰ থলুৱা ভাষা আৰু সাহিত্য সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ সভাত অহা ২ আৰু ৩ এপ্ৰিলত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হবলগীয়া অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ পঞ্চম ত্ৰি-বাৰ্ষিক অধিৱেশত অংশগ্ৰহণ কৰাৰ বাবে দুইগৰাকী কবি আৰু তিনিগৰাকী প্ৰতিনিধি বাচনি কৰি প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমে ভাৰতীয় ভাষা, সাহিত্যৰ উন্নতি সাধন কৰা, ভাৰতীয় সাহিত্য আৰু ভাষা সম্পৰ্কীয় অনুসন্ধান কৰ্মক উৎসাহ যোগোৱা, জন-মানসত ভাৰতীয় ঐতিহ্যমূলক সাহিত্যৰ প্ৰতি আস্থা আৰু ৰুচি সৃষ্টি কৰা আৰু নতুন প্ৰতিভাক উৎসাহিত কৰি পথ নিৰ্দেশ কৰাকে ধৰি বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য লৈ কাম কৰি আহিছে৷ এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়ে গঠন কৰা বজালী জিলা শাখা সাহিত্য পৰিষদক অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতিয়ে যোৱা ২৭ ফেব্ৰুৱাৰীত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে৷ ইয়াৰ পিছতে আজি অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত বজালীৰ স্থানীয় উপ-ভাষা সমন্বিতে ভাৰতীয় সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে অনাগত দিনত বজালী জিলা পৰিষদে কাম কৰি যাব বুলি সংকল্প গ্ৰহণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like