নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্তাপাৰা মেট্ৰিক পৰীক্ষা কেন্দ্ৰত আই এছৰ পৰিদৰ্শনঃ পৰীক্ষা গৃহত নকল অনাৰ অভিযোগত দুই শিক্ষাৰ্থীক বহিষ্কাৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঐতিহ্যমণ্ডিত চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত আজি বঙাইগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে পৰিদৰ্শন কৰে । বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে আজি পৰীক্ষা কেন্দ্ৰটোত পৰিদৰ্শন কৰি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ দুগৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰে ।জানিব পৰা মতে, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষাৰ আজি সমাজ অধ্যয়ন বিভাগৰ পৰীক্ষা চলি থকা সময়তে বঙাইগাঁও জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জ্যোস্নাৰাণী বৰ্মন উপস্থিত হয় ।পৰিদৰ্শক গৰাকীয়ে পৰীক্ষা কেন্দ্ৰটোৰ প্ৰতিটো কোঠা পৰিদৰ্শন কৰি নিজেই শিক্ষাৰ্থীৰ পকেটত তালাচী চলায়।পৰিদৰ্শক গৰাকীয়ে তালাচী চলাই দুগৰাকী ছাত্ৰীৰ পকেটত নকল পোৱাত ছাত্ৰী দুগৰাকীক পৰীক্ষা কেন্দ্ৰটোৰ পৰা বহিষ্কাৰ কৰা বুলি জনা গৈছে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like