নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিপুৰত বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আজি পুৱাৰে পৰা দৰং জিলাত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। পুৱা ৭ বজাৰ পৰা দৰং কলেজৰ পৰা ইভিএমসহ ভোটগ্ৰহণ সামগ্ৰী বিতৰণ আৰম্ভ কৰা হৈছে আৰু ভোটগ্ৰহণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে।

জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ১,২৩১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৯,৬২,৪৫৮ গৰাকী ভোটাৰে। ইয়াৰে ৩০৯টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। লগতে ৫টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ, ১৪১টা স্পৰ্শকাতৰ (সংবেদনশীল) ভোটকেন্দ্ৰ আৰু ৩৩টা নেটৱৰ্ক সমস্যাজনিত ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছে।

ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে মুঠ ৫,৩০৮জন বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে। ভোটগ্ৰহণ কাৰ্য সম্পাদনৰ বাবে ১,১২৭খন সৰু-বৰ বাহনৰ লগতে পোনপ্ৰথমবাৰৰ বাবে ৩১৪খন ই-ৰিক্সা ব্যৱহাৰ কৰা হৈছে।

ইফালে নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ২৫টা কেন্দ্ৰীয় অসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষী আৰু প্ৰশাসন সম্পূৰ্ণ সতৰ্ক হৈ থাকি সকলো ভোটকেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কঢ়িয়াই লৈছে।

ডিজিটেল ডেস্ক, ৮ এপ্ৰিল

You might also like