নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত আজি পুৱা ধুবুৰীৰ বীনপট্টি এলেকাত সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাই শোঁকৰ ছা পেলাইছে চহৰখনত।

জানিব পৰা মতে, বীনপট্টি অঞ্চলেদি যোৱা ৰেলপথ পাৰ হোৱাৰ সময়ত ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত হৈছে এজন যুৱক।

নিহত যুৱকগৰাকী চহৰখনৰ বাহাদুৰটাৰীৰ খোকন দাস বুলি প্ৰকাশ। ইতিমধ্যে, ধুবুৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, ধুূবুৰী, ৮ এপ্ৰিল

You might also like