নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিব্যাংগসকলৰ বাবে গঠন কৰা হ’ব পৃথক সঞ্চালকালয়

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিশেষভাৱে সক্ষম লোকসকলৰ আর্থ–সামাজিক তথা শৈক্ষিক সবলীকৰণ যাতে দ্রুত হয়, সেই উদ্দেশ্যে সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় নামেৰে এক সুকীয়া সঞ্চালকালয় গঠন কৰা হৈছে৷ বিশ্ব দিব্যাংগ দিৱসত  এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দিব্যাংগসকলৰ আর্থ–সামাজিক দিশ উন্নয়নৰ বাবে এই সঞ্চালকালয়টোৱে আজিৰে পৰা কাম আৰম্ভ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্রীয়ে৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে এলিমকো আৰু কামৰূপ জিলা প্রশাসনৰ সহযোগত আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বর্মন ক্ষেত্রত আয়োজন কৰা বিশ্বৰ দিব্যাংগ দিৱসত এই ঘোষণা কৰাৰ লগতে  মুখ্যমন্ত্রীয়ে বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি চাকৰি আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত দিব্যাংগৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা চাৰি শতাংশলৈ বৃদ্ধি কৰা হৈছে বুলিও জানিবলৈ দিয়ে৷

বিশ্ব দিব্যাংগ দিৱসত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কেইবাটাও ঘোষণা কৰি মুখ্যমন্ত্রীয়ে অহাবর্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো দিব্যাংগ লোকলৈ ৰাজ্য চৰকাৰে হুইল চেয়াৰ আৰু তিনিচকীয়া ৰিক্সা প্রদান কৰা হ’ব বুলিও উল্লেখ কৰে৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি  মুখ্যমন্ত্রীগৰাকীয়ে কয়– বিশ্ব দিব্যাংগ দিৱস উদ্যাপনে আমাৰ মানৱ সম্পদৰ এক গুৰুত্বপূর্ণ অংশ অধিকাৰ কৰি থকা বিশেষভাৱে সক্ষম এই ব্যক্তিসকলৰ প্রতি আমাৰ আন্তৰিকতা আৰু কৃতজ্ঞতা জ্ঞাপনৰ এক সুযোগ প্রদান কৰে৷ এই দিৱস উদ্যাপনে বিশেষভাৱে সক্ষম লোকসকলৰ প্রয়োজনীয়তাৰ প্রতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্রত যথেষ্ট সহায় কৰে৷ সমাজৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে দিব্যাংগ শব্দটো প্রচলন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শর্মাই কয় যে এই শব্দটোৱে বিশেষভাৱে সক্ষম লোকসকলৰ প্রতি সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত এক ইতিবাচক প্রভাৱ পেলাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে এই অনুষ্ঠানতে গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী চেৰাউগী বধিৰ বিদ্যালয় আৰু বশিষ্ঠত থকা দৃষ্টিহীন বিদ্যালয় দুখন উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত কৰা হ’ব বুলিও ঘোষণা কৰে৷ তদুপৰি বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধার্থে ভাৰতীয় সাংকেতিক ভাষা (ছাইন লেংগুৱেজ)ৰ আর্হিত অসমীয়া সাংকেতিক ভাষাও প্রস্তুত কৰা হ’ব বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে দিব্যাংগসকলৰ বাবে সুকীয়া নিযুক্তি অভিযান আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে বুলিও আজি উল্লেখ কৰে৷

অনুষ্ঠানত উপস্থিত থাকি সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগে কয় যে বিশেষভাৱে সক্ষম লোকসকলে যাতে মর্যাদাসহকাৰে জীৱন নির্বাহ কৰিব পাৰে, সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে কেইবাটাও বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ অনুষ্ঠানত মন্ত্রীগৰাকীয়ে সমাজ কল্যাণ বিভাগে এই দিশত লোৱা বিভিন্ন আঁচনিৰ চমু বিৱৰণ দাঙি ধৰি দিব্যাংগসকলৰ বাবে গ্রহণ কৰা আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্রত ৰাজ্যখনৰ সকলো শ্রেণীৰ জনসাধাৰণৰ সহায়–সহযোগিতা কামনা কৰে৷ আজিৰ এই বিশ্ব দিব্যাংগ দিৱস অনুষ্ঠানত বিধায়ক দিগন্ত কলিতা, নন্দিতা দাস, সুমন হৰিপ্রিয়া, হেমাংগ ঠাকুৰীয়া, জ্যেষ্ঠ নাগৰিক পৰিষদৰ অধ্যক্ষ প্রদীপ ঠাকুৰীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like